দেৰগাঁওঃ দেৰগাঁৱৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ পাঞ্জা খেলুৱৈ ৰঞ্জন হাজৰিকা আক্ৰান্ত হৈছে লিভাৰৰ জটিল ৰোগত। বিগত তিনি বছৰ দিন ধৰি অসমৰ বিভিন্ন প্ৰান্তৰ চিকিৎসকৰ ওচৰত চিকিৎসা গ্ৰহণ কৰি সৰ্বহাৰা হৈছে পৰিয়ালটো। উল্লেখ্য যে দেৰগাঁৱৰ উন্নয়ন প্ৰাধিকৰণৰ কৰ্মচাৰী ৰঞ্জন হাজৰিকাই আজিকোপতি লাভ নকৰিলে চৰকাৰী দৰমহা। এসময়ত ভাৰতৰ বিভিন্ন স্থানত পাঞ্জা খেলি দেৰগাঁৱৰ সুনাম কঢ়িয়াই অনা ব্যক্তি জনে ভাৰতৰ বাহিৰত খেলিবলৈ যাবলৈ সুযোগ পাইছিল যদিও ধনৰ অভাৱত সেই সুযোগ হেৰুৱাব লগীয়া হৈছিল।
ভুক্তভূগি পৰিয়ালটোয়ে, নিজৰ সাচতিয়া ধন ভাগি, বিগত তিনি বছৰ দিন ধৰি চিকিৎসা কৰি আহিছে। বৰ্তমান চিকিৎসা কৰিবলৈ হাতত ধনৰ অভাৱ, সেয়েহে পৰিয়ালৰলোকে অসম চৰকাৰ স্ব্যাস্থমন্ত্ৰী ,লগতে দল সংগঠনৰ সহায় সহযোগিতা কামনা কৰিছে। যদি কোনো সদাশয় ব্যক্তিয়ে কিছু আৰ্থিক সহায় সহযোগিতা আগবঢ়াই তেনেহলে দেৰগাঁৱৰ এলাহাবাদ বেংকৰ a/c 50100843105 নম্বৰত সহায় যোগাযোগ কৰিব পাৰিব।