উত্তৰ গুৱাহাটীত শিক্ষক দিৱস উদযাপনঃ নাও দুৰ্ঘটনাৰ মৃতকলৈ শ্ৰদ্ধাঞ্জলি অৰ্পণ

 09/05/2019 - 18:19

আমিনগাঁওঃ সমাজ গঢ়োতা, ভবিষ্যত স্ৰষ্টাৰূপে গুৰুসকলে অৱদান আগবঢ়াই আহিছে। সেয়েহে গুৰুসকল যুগে যুগে বন্দিত আৰু সমাদৃত। আজি ৫ ছেপ্টেম্বৰ। অৰ্থাৎ শিক্ষক দিৱস। উত্তৰ গুৱাহাটীটো শংকৰদেৱ শিশু নিকেতনত শিক্ষক দিৱসৰ আয়োজন কৰা হয়। দিনৰ ১২ বজাৰ পৰা আয়োজিত সভাত দুগৰাকী শিক্ষাবিদক সম্বৰ্ধনা জনোৱা হয়। শিক্ষা বৃত্তিৰে সেৱা আগবঢ়াই সমাজক জ্ঞানৰ পোহৰৰে আলোকিত কৰা দুই জ্যেষ্ঠ শিক্ষাবিদ ক্ৰমে উত্তৰ গুৱাহাটী মহাবিদ্যালয়ৰ প্ৰতিষ্ঠা কালৰে পৰা জড়িত অৰ্থনীতি বিভাগ অৱসৰপ্ৰাপ্ত প্ৰবক্তা পৰেশ চন্দ্ৰ বৰা।

দ্বিতীয়গৰাকী শিক্ষাবিদ উত্তৰ গুৱাহাটী আউনীআটী কমল দেৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত ইংৰাজী বিষয়ৰ শিক্ষক বীৰেণ গয়াৰীক সম্বৰ্ধনা জনোৱা হয়। দুয়োগৰাকী শিক্ষাবিদকে প্ৰয়াত যাদৱ শৰ্মা সোঁৱৰণী বঁটা প্ৰদান কৰা হয়। নিকেতনৰ প্ৰধান আচাৰ্য উৎপল তালুকদাৰে সঞ্চালনা কৰা সম্বৰ্ধনা সভাৰ আঁত ধৰে উপপ্ৰধান আচাৰ্য জগদীশ শৰ্মাই। মূখ্য অতিথি হিচাপে উপস্থিত থাকি বক্তব্য আগবঢ়ায় উত্তৰ গুৱাহাটী গেছ বটলিং প্লাণ্টৰ ছিনিয়ৰ প্লাণ্ট মেনেজাৰ পাৰ্থিব ধৰে। তেওঁ কয় শিক্ষক সমাজৰ দৰ্পন। সমাজ, দেশ গঠনত শিক্ষকৰ ভূমিকা অসীম।

অশেষ ত্যাগ আৰু সেৱাৰ প্ৰতীক শিক্ষক। যি নিজে জ্বলি সমাজক জ্যোতি বিলায়। বিশিষ্ট অতিথি ৰূপে উপস্থিত থাকে গুৱাহাটী আই আই টি জনসম্পৰ্কৰক্ষী বিষয়া লৱণু কিশোৰ কোঁৱৰ। শিক্ষক দিৱস উপলক্ষে আজি উত্তৰ গুৱাহাটী শংকৰদেৱ শিশু নিকেতনৰ আচাৰ্য আচাৰ্যাসকলৰ প্ৰতিগৰাকীকে পৰিচালন সমিতিৰ তৰফৰ পৰা গনৱেশ উপহাৰ দিয়া হয়। ২০১৮-১৯ বৰ্ষৰ বিশিষ্ট সেৱাৰ বাবে নিকেতনৰ আচাৰ্য পলাশ শৰ্মাক প্ৰয়াত শান্তনু ৰঘুনাথ শেণ্ডে সোঁৱৰণী বঁটাৰে পুৰস্কৃত কৰা হয়। ২০১৮ চনৰ ৫ ছেপ্তেম্বৰৰ শিক্ষক দিৱসৰ দিনটোতে এক ভয়াবহ নাও দুৰ্ঘটনাত প্ৰাণ হেৰুৱাইছিল তিনিগৰাকী প্ৰতিভাসম্পন্ন যুৱক যুৱতীয়ে।

আজি নিকেতন প্ৰাংগণত এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠান কটন বিশ্ববিদ্যালয় দুগৰাকী ছাত্ৰী প্ৰয়াত ডিম্পী বৰা, অংকিতা বৰুৱাৰ লগতে ৰাহুল আলীৰ আত্মাৰ সদগতিৰ বাবে প্রাৰ্থনা জনোৱা হয়। উল্লেখ্য যে এই দুৰ্ঘটনাত কমল দাস এতিয়া নিখোঁজ হৈ আছে। উপস্থিত সকলো ঘটনাৰ তদন্তৰ ফলাফল ৰাজহুৱা কৰাৰ দাবী জনায়। লগতে মৃতসকলক পৰিয়াললৈ উচিত ক্ষতিপূৰণ দি তেওঁলোকৰ নাম একো একোখন অত্যাধুনিক জাহাজ উচৰ্গা কৰি স্মৃতি যুগমীয়া কৰাৰ বাবে উপস্থিত ৰাইজে আহ্বান জনায়।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।