গোলাঘাটঃ গোলাঘাট আৰক্ষী আৰু মুখ্যমন্ত্ৰীৰ দুৰ্নীতি নিবাৰক শাখাৰ অভিযানত উৎকোচ লওঁতে হাতে-লোটে জালত পৰে গোলাঘাট জিলাৰ ক্ৰীড়া বিষয়া মনোৰমা দাস। কিছু দিনৰ পূৰ্বে গোলাঘাটত জিলা ক্ৰীড়া বিষয়াৰূপে নিযুক্তি লাভ কৰা মনোৰমা দাসক উৎকোচ কাণ্ডৰ অভিযোগত হাতে-লোটে গ্ৰেপ্তাৰ কৰে গোলাঘাটৰ আৰক্ষীয়ে। ঢেকীয়াল উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ নৃপেন দত্তক খেলপথাৰ নিৰ্মাণৰ বাবে আৱণ্টিত চৰকাৰী ধন ব্যৱহাৰৰ ব্যৱহাৰিক প্ৰতিবেদনত কাউণ্টাৰ চাইন কৰাৰ অজুহাতত ৫০ হাজাৰ টকা দাবী কৰি ব্যতিব্যস্ত কৰি আহিছিল।
এই সন্দৰ্ভত শিক্ষানুষ্ঠানখনৰ অধ্যক্ষই খুমটাই বিধান সভা সমষ্টিৰ বিধায়ক মৃণাল শইকীয়াক অৱগত কৰাৰ পাছত জিলা উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকক ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিয়ে। আৰক্ষী অধীক্ষক পুস্পৰাজ সিং আৰু অতিৰিক্ত আৰক্ষী অধীক্ষক সুৰজিৎ সিং পানেছাৰে পৰিকল্পনা কৰা অনুসৰিয়েই ঢেকীয়াল উচ্চতৰৰ অধ্যক্ষ নৃপেন দত্তই আজি নগদ ৩০ হাজাৰ টকাৰ উৎকোচ প্ৰদান কৰাৰ পাছতেই ক্ৰীড়া বিষয়াগৰকীক আৰক্ষীয়ে হাতে-লোটে ধৰি গ্ৰেপ্তাৰ কৰে। বিষয়াজন থকা গোলাঘাট নগৰৰ টেনপুৰ অঞ্চলৰ ভাড়া ঘৰৰ পৰা নগদ এক লাখ টকা উদ্ধাৰ কৰে। বিষয়াগৰকীক গ্ৰেপ্তাৰ কৰি গোলাঘাট আৰক্ষী থানাত জেৰা অব্যাহত ৰাখিছে।