সদৌ অসম বঙালী যুৱ ছাত্ৰ ফেডাৰেচনৰ সংবাদ মেল

 09/05/2019 - 19:31

ধিংঃ এন আৰ চিৰ চূড়ান্ত তালিকা প্ৰকাশ পোৱাৰ লগে লগে সমগ্ৰ ৰাজ্যতজুৰি দেখা গৈছে নানান বিসংগতি। নগাওঁ জিলাৰ ধিঙতো বহু হিন্দু বঙালী লোকৰ বৈধ নথি-পত্ৰ থকাৰ পিছতো এন আৰ চিৰ চূড়ান্ত তালিকাৰ পৰা বাদ পৰা অভিযোগ উঠিছে। আনকি মুক্তি যুজাৰুৰ পৰিয়ালৰ নামো বাদ পৰিছে চূড়ান্ত তালিকাৰ পৰা। ধিং অঞ্চলতে কেইবা সহস্ৰাধিক বঙালী সম্প্ৰদায়ৰ বৈধ নাগৰিকৰ নাম চূড়ান্ত তালিকাৰ পৰা বাদ পৰাক লৈ ক্ষোভিত হৈ পৰিছে অঞ্চলটোৰ ভূক্তভোগী লোক। তাকে লৈ বৃহস্পতি বাৰে ধিঙত সদৌ অসম বঙালী যুৱ ছাত্ৰ ফেডাৰেচনে সংবাদ মেল সম্বোধন কৰি ক্ষোভ উজাৰে এন আৰ চি কৰ্তৃপক্ষৰ বিৰুদ্ধে। প্ৰতীক হাজেলাৰ একনায়কত্ববাদ আৰু স্বৈৰাচাৰিতাৰ বাবেই ৰাজ্যত প্ৰায় ১২ লাখ হিন্দু বঙালী লোক এন আৰ চিৰ চূড়ান্ত তালিকাৰ পৰা বাদ পৰাৰ অভিযোগ কৰিছে সংগঠনটোৰ ৰাজ্যিক সম্পাদক অজয় ভূষন চৰকাৰে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।