অলিম্পিকৰ পুৰুষৰ টেনিছত নতুন নিয়ম প্ৰৱৰ্তন

 04/05/2019 - 13:51

ডিজিটেল ডেস্কঃ অহা বছৰ জাপানৰ ৰাজধানী টকিঅ'ত হ'বলগীয়া অলিম্পিকৰ পুৰুষৰ ইভেন্টত কিছুমান নতুন নিয়ম প্ৰৱৰ্তন কৰাৰ সিদ্ধান্ত লৈছে আন্তঃৰাষ্ট্ৰীয় টেনিছ ফেডাৰেচনে। পুৰুষ টেনিছৰ ফাইনেল খেলখনৰ ফৰ্মেট সলনি কৰিছে আন্তঃৰাষ্ট্ৰীয় ফেডাৰেচনে।

২০২০ চনত হ'ব লগীয়া পুৰুষ টেনিছৰ ফাইনেল খেলখন তিনিটা ছেটৰ ভিত্তিত অনুষ্ঠিত হ'ব । তিনিটা ছেটৰ ভিতৰত দুটা ছেটত জয় লাভ কৰা জনে চেম্পিয়ন হোৱাৰ গৌৰৱ অৰ্জন কৰি সোণৰ পদক অৰ্জন কৰিব।

তদুপৰি পুৰুষ আৰু মহিলা ডাবলছৰ খেলসমূহৰ টাইব্ৰেক পইন্ট দহ হিচাপে নিৰ্ধাৰণ কৰা হৈছে৷ অলিম্পিকৰ আগেয়ে টেনিছত আন কেতবোৰ নতুন নিয়ম সাল-সলনি হোৱাৰ সম্ভাৱনা নুই নকৰিলে আইটিএফে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।