মঙলদৈঃ মঙলদৈ কুঁৱৰী পুখুৰী প্ৰাথমিক বিদ্যালয়ৰ এগৰাকী ব্যতিক্ৰমী প্ৰধান শিক্ষক। তেখেত হৈছে দুলু বড়ো। পেছাত এগৰাকী শিক্ষক কিন্তু তেখেত এগৰাকী অসমৰ লোক সংস্কৃতিৰ সাধক। নিজ ঘৰতে খুলি লৈছে লোক কলা সংস্কৃতিৰ এক প্ৰশিক্ষণ কেন্দ্ৰ। প্ৰশিক্ষণ দিছে বৰঢুলীয়া, নাগৰা নাম, ওজাপালি, সত্ৰীয়া নৃত্য, বিহু নৃত্য, বিয়ানাম, লোকগীত আদিৰ।
শিক্ষক দুলু বড়োয়ে নিজেই সকলো লোকবাদ্য বজাব পৰাৰ লগতে লোক নৃত্যৰ ওপৰত আছে অগাধ জ্ঞান। তেওঁৰ ঘৰখনক নাম দিছে "প্ৰেৰণা" আশ্ৰম। য'ত অনাথ আৰু দুখীয়া ছাত্ৰ ছাত্ৰীক নিজ গৃহত ৰাখি লালন পালন কৰাৰ উপৰি লোক নৃত্য, লোক বাদ্যৰ প্ৰশিক্ষণ দিয়ে নিজে। নিজৰ দৰমহা টকাৰ ৫০ শতাংশ তেওঁ খৰছ কৰে এইসকল অনাথ আৰু দৰিদ্ৰ ছাত্ৰ-ছাত্ৰী আৰু কলা সংস্কৃতিৰ চৰ্চাৰ নামত। প্ৰচাৰ বিমুখ এই গৰাকী কৃতী শিক্ষকৰ লগতে লোক কৃষ্টিৰ সাধক দুলু বড়োৰ শিক্ষক দিৱসৰ দিনটোত আমি জনালো শুভকামনা।