প্লাষ্টিক মুক্ত কৰাৰ প্ৰয়াস মানাহ ৰষ্ট্ৰীয় উদ্যানত

 09/05/2019 - 19:42

শালবাৰীঃ প্লাষ্টিক মুক্ত কৰাৰ এক ব্যতিক্ৰমী প্ৰয়াসেৰে বিশ্ব ঐতিহ্য ক্ষেত্ৰ মানাহ ৰাষ্ট্ৰীয় উদ্যানত বৃহস্পতিবাৰে এক অনুষ্ঠানৰ আয়োজন কৰে। ৰাষ্ট্ৰীয় উদ্যানখনৰ বাঁ‌হবাৰী বনাঞ্চলত প্লাষ্টিক মুক্ত কৰাৰ উদ্দেশ্যে বেচৰকাৰী সংস্থা উড়ান ফাউণ্ডেচনে ৰোপন কৰে গছপুলি। উদ্যানখনৰ বিভিন্ন প্ৰান্তত ২০০ ডাল গছপুলি ৰোপণ কৰে সংস্থাটোৱে। গছপুলি ৰোপণ কাৰ্যসূচী শুভাৰম্ভ কৰে বন বিষয়া বাবুল ব্ৰহ্মই।

বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ- ছাত্ৰীয়ে অংশগ্ৰহণ কৰা অনুষ্ঠানটোত সহযোগিতা আগবঢ়ায় মানাহ এভাৰ ওৱেলফেয়াৰ ছ'চাইটিয়ে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।