09/05/2019 - 19:47
in
লংকাঃ হোজাই জিলাৰ ন-খুটী শনিবজাৰত খুচুৰা ব্ৰইলাৰ মাংস ব্যৱসায়ীৰ ওপৰত গুণ্ডা টেক্স আৰোপ| শনিবজাৰ সমিতি আৰু মহলদাৰৰ এই একনায়কত্ব| গুণ্ডা টেক্স নিদিলে দোকান বন্ধ কৰাৰ ভাবুকি প্ৰদান| উল্লেখ্য যে বিগত বহু দিনৰ পৰা নখুটীৰ দৈনিক বজাৰ শনিবজাৰত কেইবাখনো খুচুৰা ব্ৰইলাৰ ব্যৱসায়ীয়ে আনৰ পৰা গোটাকৈ ব্ৰইলাৰ ক্ৰয় কৰি আনি মাংস বিক্ৰী কৰি আছিল|
কিন্তু কিছু দিনৰ পূৰ্বে শনিবজাৰ সমিতি আৰু বজাৰ মহলাদাৰে উক্ত খুচুৰা ব্ৰইলাৰ বিক্ৰী কৰা দোকানীসকলৰ ওপৰত প্ৰতিদিনে ২০/৩০ টকাৰ মাচুল দিয়াৰ বিপৰীতে ৪০০ টকাকৈ প্ৰতিদিনে বজাৰৰ মাচুল দিব লাগিব বুলি উল্লেখ কৰে আৰু ৪০০ টকা নিদিলে দোকান ভাঙি পেলোৱাৰ ভাবুকিও প্ৰদান কৰে| বজাৰৰ মাচুলৰ নামত অধিক পৰিমাণৰ গুণ্ডা টেক্স বিচৰাত ব্যৱসায়ীসকল অসন্তুষ্ট হৈ প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে ঘটনা সন্দৰ্ভত নখুটী থানাত এক এজাহাৰো দাখিল কৰে|