হাউলীৰ এলেন কোচিং ইনষ্টিটিউটত শিক্ষক দিৱস পালন

 09/05/2019 - 19:51

হাউলীঃ বৰপেটা জিলাৰ হাউলীৰ এলেন কোচিং ইনষ্টিটিউটৰ দ্বিতীয় বাৰ্ষিক অধিৱেশন আৰু বঁটা বিতৰণী সভাৰ লগতে আজি দিনযোৰা কাৰ্যসূচীৰে শিক্ষক দিৱস ইনষ্টিটিউট প্ৰাঙ্গণত উদযাপন কৰা হয়| আবেলি ৩ বজাত এলেন কোচিং ইনষ্টিটিউটৰ অধ্যক্ষ আব্বাছ আলীৰ সভাপতিত্বত অনুষ্ঠিত হোৱা মুকলি সভাত বি,এইচ,কলেজৰ অধ্যাপকদ্বয় চুলতান আলী আহমেদ, আব্দুল কাদেৰ আহমেদ, বৰপেটা শংকৰ-মাধৱ কলেজৰ অধ্যক্ষ ছাদিকুৰ ৰহমান, প্ৰাক্তন আৰক্ষী বিষয়া ৰাঘৱ দাস আদিয়ে উপস্থিত থাকি ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰয়াত সৰ্বপল্লী ৰাধা কৃষ্ণণৰ জীৱন দৰ্শন আৰু শিক্ষক দিৱসৰ তাৎপৰ্যৰ ওপৰত আলোকপাত কৰি বক্তব্য আগবঢ়ায়|

উক্ত অনুষ্ঠানত হাউলী ছোৱালী হাইস্কুলৰ অৱসৰ প্ৰাপ্ত শিক্ষক সুবোধ সাহা, অৱসৰপ্ৰাপ্ত অধ্যাপক ৱাৰিশ আলী আহমেদ, শিক্ষক আব্দুৰ ৰউফ, সমাজ কৰ্মী মনিৰুদ্দিন আহমেদ, সমাজ কৰ্মী লক্ষ্মীকান্ত দাস, সমাজ সেৱিকা অঞ্জলি চৌধুৰী, সাংবাদিক দিদাৰ হুছেইনসহ ভালে কেইজন বিশিষ্ট নাগৰিকক ফুলাম গামোচা আৰু গছপুলিৰে বিশেষভাৱে সম্বৰ্ধনা জনায়| ইয়াৰ পূৰ্বে সভাৰ উদ্দেশ্যে ব্যাখ্যা কৰে ইনষ্টিটিউটৰ সঞ্চালক আজিজুল হকে|

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।