09/05/2019 - 19:58
in
বিশ্বনাথ চাৰিআলিঃ বিশ্ব বৰেণ্য ৰাষ্ট্ৰনেতা তথা ভাৰতৰ পূৰ্বৰ ৰাষ্ট্ৰপতি ড°সৰ্বপল্লী ৰাধাকৃষ্ণনৰ জন্ম দিনটোতে সমগ্ৰ দেশত শিক্ষক দিৱস পালন কৰে। মানৱ সম্পদ নিৰ্মাণৰ খনিকৰ স্বৰূপ শিক্ষক সকলক শ্ৰদ্ধা জনোৱাৰ উদ্দেশ্যে বৃহস্পতিবাৰে পুৱাৰে পৰাই বিহালীৰ সক্ৰিয় সমাজকৰ্মী জয়ন্ত বৰাই বিহালীৰ বিভিন্ন বিদ্যালয়ৰ লগতে প্ৰায় এশজন অৱসৰপ্ৰাপ্ত শিক্ষকৰ ঘৰে-ঘৰে গৈ একোখনকৈ ফুলাম গামোচাৰে সম্বৰ্দ্ধনা জনোৱাৰ লগতে পবিত্ৰ সন্ধিক্ষণত সকলো শিক্ষক সমাজক প্ৰণাম জনায়।
সমাজকৰ্মী জনক সংগ দিয়ে, আছুৰ জিনজিয়া আঞ্চলিক সমিতিৰ সভাপতি ৰূপজ্যোতি উপমন্যু, শোণিতপুৰ জিলা আছুৰ স্মৰণ আইচ, সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদৰ জিনজিয়া আঞ্চলিক সমিতিৰ সভাপতি অবতাৰ তাঁতীয়ে। জয়ন্ত বৰাৰ এনে ব্যতিক্ৰমী পদক্ষেপৰ শলাগ লৈছে বিহালী বাসী ৰাইজে।