09/06/2019 - 13:12
in
বিশ্বনাথ চাৰিআলিঃ ৰাজ্যত ব্যাপক হাৰত বৃদ্ধি পাইছে হস্তী মানৱৰ সংঘাত। ৰাজ্যৰ ভিন্ন প্ৰান্তত বন্যহস্তীয়ে মানুহৰ ঘৰ-দুৱাৰ ভাঙি, শস্যৰ অনিষ্ট কৰি একপ্ৰকাৰে সন্ত্ৰাস চলাই অহাৰ সমান্তৰাল ভাৱে বিহালীটো অব্যাহত আছে বন্যহস্তীৰ তাণ্ডৱ। ইতিমধ্যে, বিহালীত বিগত কিছুদিন ধৰি কেইবা ঠাইটো বন্যহস্তীয়ে মানুহৰ বাসস্থান অনিষ্ট কৰাৰ লগতে খেতিপথাৰ ধ্বংস কৰি আহিছে।বৃহস্পতিবাৰে নিশা বিহালী সমষ্টিৰ বৰজাৰণী গাঁও পঞ্চায়তৰ অন্তৰ্গত টেঙাবাৰীত দুটা বনৰীয়া হাতীয়ে ১৫ টাকৈ পৰিয়ালৰ বাসগৃহ ভাঙি লণ্ড-ভণ্ড কৰাৰ লগতে বহু খাদ্য সামগ্ৰীৰ অনিষ্ট সাধন কৰে।
উল্লেখযোগ্য যে দুশ মিটাৰ নিলগত থকা বনবিভাগৰ কেম্পত খবৰ দিয়াৰ পাছতো বনবিভাগে কোনো ব্যৱস্থা গ্ৰহণ নকৰাত শংকিত হৈ পৰে সাধাৰণ ৰাইজ৷