ধন দাবী কৰি আৰক্ষীৰ জালত দুজন যুৱক

 09/06/2019 - 13:25

লংকাঃ ডিমাপুৰৰ পৰা ৰেল যোগে আহি থকা অৱস্হাত লামডিং ৰেলৱে জংচনৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে সুমিত ঘোষক| আনহাতে বিধান দে নামৰ আনজনক লংকাৰ পৰা গ্ৰেপ্তাৰ কৰে| ১ ছেপ্তেম্বৰত DNLA উগ্ৰপন্হী সংগঠনৰ নামত পত্ৰ যোগে দাবী কৰিছিল ৫ লাখ টকা|

নিজকে সংগঠনটোৰ বিত্ত সচিব এচ গাৰলোচা নাম দি পত্ৰ প্ৰেৰণ কৰি সুমিত ঘোষ নামৰ যুৱকজনে লংকাৰ ৬ নং ৱাৰ্ডত থকা বাপন ঘোষ নামৰ ফামাৰ্চীৰ স্বতাধিকাৰী এজনক দাবী কৰিছিল ধনখিনি| ধন দাবীৰ বিষয়ে লংকা আৰক্ষীক অৱগত কৰাত অনুসন্ধান চলাই আৰক্ষী বিষয়া জ্যোতিকমল বণিয়াৰ নেতৃত্বত চাৰিজনীয়া আৰক্ষীৰ দল এটাই বুধবাৰে সন্ধিয়া সুমিত ঘোষক জালত পেলাবলৈ সক্ষম হয়|

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।