নলবাৰীত অসম বন্ধৰ প্ৰভাৱ

 09/06/2019 - 13:48

নলবাৰীঃ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰিলে বন্ধৰ সমৰ্থকে। সদ্য প্ৰকাশিত এন আৰ চিত প্ৰকৃত ভাৰতীয় তথা বহু হিন্দুৰ নাম বাদ পৰাৰ অভিযোগ তুলি ৰাতিপুৱা ৫ বজাৰ পৰা সন্ধিয়া ৫ বজালৈ ১২ ঘন্টীয়া অসম বন্ধৰ আহবান কৰিছিল ৰাষ্ট্ৰীয় বজৰং দলে।

অনুৰূপ ভাৱে এই বন্ধ সফল কৰাৰ বাবে ৰাতিপুৱাই নলবাৰীত এনেদৰেই বন্ধ সমৰ্থক সকলে ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰে। আৰক্ষী নিৰাপত্তা ৰক্ষীয়ে বন্ধৰ প্ৰতি লক্ষ্য ৰাখি গিজগিজাই থকাৰ মাজতে প্ৰতিবাদ কাৰী সকলে টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদ কাৰী সকলে চৰকাৰ বিৰোধী শ্লোগানেৰে উত্তাল কৰি তোলে ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথ।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।