জাগিৰোড-কাছাৰ কাগজকলৰ দূৰৱস্থা

 04/05/2019 - 14:16

জাগিৰোডঃ ২০১৪ চনৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে নৰেন্দ্ৰ মোডীয়ে উত্তৰ-পূৰ্বাঞ্চলৰ দ্ৰুত-উন্নয়ন আৰু বিকাশৰ ক্ষেত্ৰত যি আশ্বাস দিছিল সেয়া কাৰ্যত পৰিণত ন’হল। দেশৰ অৰ্থনীতিৰ ওপৰত নজৰ ৰখা বিশ্বস্ত সংস্থা 'চেন্টৰ কৰ মনিটকিং ইণ্ডিয়ান ইক’নমিৰ এক প্ৰতিবেদনত অতিৰিক্ত দুই কোটি সংস্থাপনৰ দূৰৰে কথা, বিগত এক বছৰত দেশৰ এক কোটিৰো অধিক লোকে কৰ্ম সংস্থাপন হেৰুৱাব লগা হয়।

ইয়াৰ লগতে ২০১৬ৰ ২৭ মাৰ্চত অসম বিধানসভা নিৰ্বাচনৰ সময়ত বৰাক উপত্যকাৰ এখন জনসভাত এইচ.পি.চি কাগজ কলক পুনৰুজ্জীৱিত কৰাৰ লগতে অসমৰ বন্ধ হৈ থকা ৩২হাজাৰ ডাঙৰ সৰু সকলো কাৰখানা পুনৰুজ্জীৱিত কৰাৰ প্ৰতিশ্ৰুতি দিছিল৷

পৰিতাপৰ বিষয় যে দেশৰ প্ৰধানমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীয়ে দিয়া প্ৰতিশ্ৰুতিৰ তিনি বছৰকাল অতিক্ৰম কৰিলে। কিন্তু এই প্ৰতিশ্ৰুতিসমূহ অসাৰ প্ৰতিপন্ন হ'ল। আনহাতে, শ্ৰমিক-কৰ্মচাৰীৰ নায্য দৰমহা ২৭মাহ ধৰি বন্ধ কৰি এক অবৰ্ণনীয় মানসিক নিৰ্যাতন চলাইছে৷

অসমত অৱস্থিত দুটা ভাৰতীয় সম্পদ এইচ.পি.চি লিমিটেডৰ অধীনস্থ নগাঁও আৰু কাছাৰ কাগজ কল বন্ধ হোৱাৰ লগে লগে দুই লাখৰো অধিক শ্ৰমিক ব্যৱসায় প্ৰতিষ্ঠানৰ সকলো আজি নিৱনুৱালৈ ৰূপান্তৰিত হয়। চৰকাৰে পূৰ্বতে দিয়া এনেধৰণৰ প্ৰতিশ্ৰুতি আৰু আশ্বাস এই সকলোবোৰ ফুটুকাৰ ফেনত পৰিণত হ’ল৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।