ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সাংবাদিকতা আৰু গনসংযোগ অধ্যয়ন কেন্দ্ৰৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰী সমাৰোহ সমিটি গঠন

 09/06/2019 - 16:00

ডিব্ৰুগড়ঃ ৫ ছেপ্তেম্বৰ দিনটোত ড০ সৰ্বপল্লী ৰাধাকৃষ্ণনক স্মৰন কৰি সমগ্ৰ দেশতে শিক্ষক দিৱস উদযাপন কৰে । ইয়াৰ ব্যতিক্ৰম নহয় ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ, সাংবাদিকতা আৰু গনসংযোগ অধ্যয়ন কেন্দ্ৰ। কেন্দ্ৰটোৰ ছাত্ৰ ছাত্ৰী সকলে শিক্ষক দিৱসৰ সমান্তৰাল ভাৱে গঠন কৰে, প্ৰাক্তন ছাত্ৰ ছাত্ৰী সমাৰোহ সমিটি। অনুষ্ঠানটোত উপস্থিত থাকে কেন্দ্ৰটোৰ অধ্যাপক, অধ্যাপিকাৰ লগতে ছাত্ৰ ছাত্ৰীসকল। কেন্দ্ৰৰ অধ্যাপিকা কান্তা কাবেৰী সোনোৱালে আত ধৰা অনুষ্ঠানটোৰ উদ্দেশ্য বাখ্যা কৰে কেন্দ্ৰটোৰ সঞ্চালক ড০ সত্যকাম বৰঠাকুৰে।

২০০৮ চনত আৰম্ভ কৰা সাংবাদিকতা আৰু গনসংযোগ অধ্যয়ন কেন্দ্ৰটোৰ পৰা শিক্ষা শেষ কৰা বহু প্ৰাক্তন ছাত্ৰ ছাত্ৰী উপস্থিত থাকে লগতে উপস্থিত থাকে কেন্দ্ৰটোৰ প্ৰতিষ্ঠাপক তথা শিক্ষাতত্ব বিভাগৰ প্ৰাক্তন অধ্যাপক। শেষত, কেন্দ্ৰটোৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰী সমাৰোহৰ বাবে এখন সমিটি গঠন কৰে। সমিটি খনত ডক্টৰ মানশ্ৰী চেতিয়াক সভাপতি হিচাপে লৈ ডেভিদ হাজৰিকাক সাধাৰন সম্পাদক, উদ্দিপ্ত জ্যোতি গগৈক উপ সভাপতি, কংকন শেনচোৱা আৰু প্ৰজ্ঞ্যা গগৈক সহ সম্পাদকৰ দায়িত্ব অৰ্পন কৰে ছাত্ৰ ছাত্ৰী সকলৰ সমৰ্থনত। কেন্দ্ৰৰ সহকাৰী অধ্যাপক দিব্যজ্যোতি শৰ্মাই মন্তব্য প্ৰদান কৰে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।