09/06/2019 - 16:36
in
কোকৰাঝাৰ: এনআৰচিৰ চূড়ান্ত তালিকাক লৈ অসন্তুষ্টি প্ৰকাশ কৰি ৬ ছেপ্তেম্বৰত হিন্দুত্ববাদী সংগঠন এটাই অসম বন্ধ দিয়া বুলি ছচিয়েল মিডিয়াত একাংশই প্ৰকাশ কৰাৰ পিছতেই ৰাজ্যত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ ফলত বিশ্ব হিন্দু পৰিষদ বজৰং দলে কোনো ধৰণৰ বন্ধৰ কাৰ্যসূচী গ্ৰহণ কৰা নাই বুলি স্পষ্ট কৰি দিয়াৰ পিছতো বিটিএডিৰ সদৰভূমি কোকৰাঝাৰত বন্ধৰ প্ৰভাৱ পৰা দেখা গৈছে৷
চহৰখনত দোকান, পোহাৰ, বেঙ্ক, স্কুল সমূহ বন্ধ থকাৰ উপৰিও গাড়ী, মটৰৰ চলাচলো বন্ধ হৈ পৰিছে৷ ইপিনে ইয়াৰ সুযোগ লৈ ৰাষ্ট্ৰীয় বজৰং দল, অসম প্ৰদেশৰ সভাপতি দীনেশ কলিতাই আসোঁৱাহপূৰ্ণ এনআৰচি বাতিল কৰিবলৈ আহবান জনাই ৬ ছেপ্তেম্বৰৰ অসম বন্ধ সমৰ্থন কৰি আজি এক প্ৰেছ বিবৃতি দিয়াত কোকৰাঝাৰত বন্ধৰ প্ৰভাৱ পৰা বুলিও একাংশই দাবী কৰিছে৷