মুখ্যমন্ত্ৰীৰ বান সাহায্য পুঁজিলৈ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সহায়

 09/06/2019 - 16:57

ডিব্ৰুগড়ঃ উজনিৰ উচ্চ শিক্ষাৰ বাটকটীয়া ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ মুখ্যমন্ত্ৰী বান সাহাৰ্য পুজিলৈ আৰ্থিক অনুদান। মুখ্যমন্ত্ৰী সাহাৰ্য পুজিলৈ ১৫ লাখ টকা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ শিক্ষক-বিষয়া-কৰ্মচাৰী বৃন্দৰ। মুখ্যমন্ত্ৰী কাৰ্যালয়ত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ হৈ উপাচাৰ্য ড°ৰঞ্জিত তামুলী, পঞ্জীয়ক ড° এইচ চি মহন্ত, যুটীয়া পঞ্জীয়ক পৰমানন্দ সোনোৱাল আৰু বিশ্ববিদ্যালয়ৰ বিষয়া সন্থাৰ সম্পাদক তাৰানাথ দুৱৰাই এই ধনৰাশি প্ৰদান কৰে।

বিশ্ববিদ্যালয়ৰ বিষয়া সন্থা আৰু বিশ্ববিদ্যালয়ৰ কৰ্মচাৰী সন্থাই ঐক্যবদ্ধ ভাবে মুখ্যমন্ত্ৰীৰ বান সাহাৰ্য পুজিলৈ ১৫ লাখ টকাৰ চেক প্ৰদান কৰি এই ধন ৰাখিৰ জৰিয়তে শেহতীয়াকৈ ৰাজ্যৰ প্ৰলয়ংকাৰী বানত ক্ষতিগ্ৰস্ত লোকৰ সহায়ৰ বাবে কিঞ্চিত হ’লেও উপকৃত হ'ব বুলি আশা প্ৰকাশ কৰে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।