বৰদলনি উন্নয়ন খণ্ডত প্ৰধানমন্ত্ৰী আৱাস যোজনা আঁচনিত ব্যাপক দুৰ্নীতি

 09/06/2019 - 17:20

গোগামুখঃ পঞ্চায়ত বিভাগৰ এক দুৰ্নীতিৰ তথ্য পোহৰলৈ আহিছে বৰদলনি উন্নয়ন খণ্ডত l ধেমাজী জিলাৰ বৰদলনি উন্নয়ন খণ্ডত ব্যাপক দুৰ্নীতিৰ অভিযোগ সদৌ অসম অনুসূচীত জাতি ছাত্ৰ সন্থাৰ l সংগঠনটোৰ গোগামুখ আঞ্চলিক সমিতিয়ে এক ভয়ংকৰ দুৰ্নীতিৰ তথ্য পোহৰলৈ আহিছে। অভিযোগ অনুসৰি গোগামুখ গাওঁ পঞ্চায়তৰ হিতাধীকাৰীয়ে কচুতলিৰ পঞ্চায়ত হিতাধীকাৰীক বঞ্চিত কৰি ভুৱা প্ৰমাণেৰে প্ৰধান মন্ত্ৰীৰ আৱাস যোজনাৰ ধন আত্মসাৎ কৰে l

গোগামুখ পঞ্চায়তৰ নিৱাসী দীপক বৰা আৰু তেওঁৰ ভাই বোৱাৰী প্ৰতিমা বৰাৰ নামত কচুতলি পঞ্চায়তৰ পৰা জালিয়াতীৰে দুখীয়াৰ বাবে অহা ধন হৰলুকি কৰি ভাড়াঘৰ নিৰ্মাণ কৰি আছিল। প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ মুঠ ১লাখ ৩০ হাজাৰ টকাৰ ৩২৫০০ কৈ প্ৰথম কিষ্টিৰ ধন আদায় কৰি ভাড়াঘৰ নিৰ্মাণ কৰি আছে। সমগ্ৰ বিষয়টোৰ ওপৰত আইনী ব্যৱস্থা গ্ৰহন কৰিবলৈ অনুসূচীত জাতি ছাত্ৰ সন্থাৰ গোগামুখ আঞ্চলিক সমিতিয়ে কচুতলি পঞ্চায়ত GPC ইন্দ্ৰাৰাণী ফুকন, GRS নাৰায়ন গগৈ, J E প্ৰিয়াংকী চেতিয়া, পঞ্চায়ত সভাপতি মহানন্দ দলেৰ ওপৰত গোগামুখ আৰক্ষী থানাত এজাহাৰ দাখিল কৰি গোচৰ ৰুজু কৰে।

সমগ্ৰ ঘটনাৰ সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত সদৌ অসম অনুসূচীত জাতি ছাত্ৰ সন্থাৰ সভাপতি ডা: হৰিকান্ত দাসে প্ৰতিক্ৰিয়া ব্যক্ত কৰে যে, বৰদলনি উন্নয়ন খণ্ডত ব্যাপক হাৰত দুৰ্নিতীৰ পাহাৰ গঢ়ি উঠিছে আৰু তাৰে প্ৰমাণ হৈছে কচুতলি পঞ্চায়ত l দুখীয়াৰ তেজ শুহি খাইছে এচাম ধুৰন্ধৰ ৰাইজৰ প্ৰতিনিধিয়ে, গোগামুখ পঞ্চায়তৰ হিতাধীকাৰী দীপক বৰা গোগামুখত এজন কুটি পতি মানুহ হিচাপে গোগামুখৰ ৰাইজে গম পায় আৰু গোগামুখত ৪২ বিঘা মাটিৰ মালিক দীপক বৰাৰ সা-সম্পতি অজস্ৰ থকাৰ স্বত্বেও দীপক বৰা আৰু তেওঁৰ ভাই বোৱাৰী প্ৰতিমা বৰাই দৰিদ্ৰ লোকক প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ পৰা বঞ্চিত কৰি কেনেকৈ এই যোজনাৰ পৰা ঘৰ পাইছে সেয়া ৰহস্যৰ আৱৰ্তত l তাতকৈ ডাঙৰ কথাটো গোগামুখ পঞ্চায়তৰ লোকে অন্য পঞ্চায়তৰ পৰা কেনেকৈ এই যোজনাৰ অধিকাৰী হৈ ধন লাভ কৰিব পাৰে সেইয়া এই মুহুৰ্তত সন্দেহ হৈ পৰিছ।

সমগ্ৰ ঘটনাটোৰ বৃহৎ নেটৱৰ্ক গঢ়ি তুলি কচুতলি পঞ্চায়ত আৰু গোগামুখ পঞ্চায়ত l এই যোজনাৰ জালিয়াতি কৰা এক দুষ্ট চক্ৰই ইতিমধ্যে দুৰ্নীতিৰ জাল পাতিছে য’ত পঞ্চায়ত সমূহৰ সৰুৰ পৰা ডাঙৰলৈকে সকলো বিষয়া জড়িত হৈ পৰিছে l এনে দুষ্ট চক্ৰক প্ৰশাসনে তদন্তৰ আওঁতালৈ আনি উচিত শাস্তি প্ৰদান কৰি জেল হাজোতলৈ প্ৰেৰণ কৰিব লাগে । যদি কোনো ধৰনৰ ব্যৱস্থা গ্ৰহন নকৰে সদৌ অসম অনুসূচীত জাতি ছাত্ৰ সন্থাই ৰাইজৰ লগত গণতান্ত্ৰিক আন্দোলন কৰিবলৈ বাধ্য হম বুলি চৰকাৰক দাবী জনায় l অসম চৰকাৰৰ এটা ব্যাগোম বিভাগ হৈছে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগ l এই বিভাগটোত আচলতে কি হ’ব লাগিছিল হৈছে কি? গ্ৰামোন্নয়ন মন্ত্ৰী ডাঙৰীয়া এই ঘটনাৰ সন্দৰ্ভত কিবা ব্যৱস্থা গ্ৰহন কৰিবনে ? নে দুখীয়া ৰাইজক এনে দুষ্ট চক্ৰৰ কৱলত পৰি থাকিবলৈ দি গোটেই বিভাগটোৰ বদনাম কৰিব সেইয়া হে এই মুহুৰ্তত প্ৰশ্ন উত্থাপন হৈছে l

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।