প্ৰশাসনৰ বিৰুদ্ধে ক্ষোভ উজাৰিলে উচ্ছেদিত ব্যৱসায়ীয়ে

 09/06/2019 - 18:17

ঢেকীয়াজুলিঃ শোণিতপুৰ জিলাৰ ঢেকীয়াজুলিৰ ঠেলামৰা আৰু বেলশিৰিত থকা ব্যৱসায় প্ৰতিষ্ঠানৰ ওপৰত পৰিল প্ৰশাসনৰ এস্কাভেটৰৰ হাতোৰা। এদিন পূৰ্বে জাননী প্ৰদান কৰি ভাঙি তচনচ কৰিলে বহু ক্ষুদ্ৰ ক্ষুদ্ৰ ব্যৱসায়ীৰ সপোন। ঠেলামৰা ৰাজহ চক্ৰ বিষয়া লক্ষ্যজ্যোতি দাসৰ নেতৃত্বত চলে এই উচ্ছেদ অভিযান। দুমুখীয়া নীতি গ্রহণ প্ৰশাসনৰ এই অভিযোগ ভুক্তভোগী ৰাইজৰ।

কাটনিবাৰীৰ বহু পৰিয়ালে বিগত বহু বছৰ ধৰি বেলশিৰি চেন্টাৰত ক্ষুদ্ৰ ক্ষুদ্ৰ দোকান দি জীৱিকাৰ পথ বাচি লৈছিল। দোকান দি জীৱন নিৰ্ৱাহ কৰিছিল কিন্তু অৱশেষত যেন প্ৰশাসনে এইসকল লোকৰ পেটত গামোচা বান্ধিবলৈ বাধ্য কৰালে। প্ৰশাসনৰ হাতোৰাৰ পৰা ৰেহাই নাপালে ব্যৱসায়ীয়ে। অভিযোগ মতে, কাটনিবাৰীৰ উচ্ছেদ সম্পৰ্কত ২৩ আগষ্টৰ জাননী গাওঁ বুঢ়াৰ হতোৱাই প্ৰদান কৰিলে ৫ ছেপ্তেম্বৰত।

পিছদিনা পুৱাই হঠাৎ এস্কাভেটৰৰ হাতোৰাৰ কোব পৰিল ব্যৱসায় প্ৰতিষ্ঠানৰ ওপৰত। বেলশিৰিত উচ্ছেদ কৰিলে প্ৰায় ৩২ৰো অধিক দোকান। দূৰ্গাপূজাৰ প্ৰাকক্ষণত বহু ব্যৱসায়ীয়ে বিক্ৰীৰ বাবে পূজাৰ সা-সামগ্ৰী ক্ৰয় কৰিছিল। কিন্তু হঠাৎ প্ৰশাসনৰ এনে উচ্ছেদ অভিযানত দোকানৰ বয়-বস্তু কিছু পৰিমাণে আঁতৰাই নিয়ে যদিও বহু সামগ্রী দোকানতে ৰৈ গ'ল। ইফালে অভিযোগ মতে, ঠেলামৰা ৰাজহ চক্ৰৰ চক্ৰ বিষয়া লক্ষ্যজ্যোতি দাসৰ সন্দৰ্ভত কথা পাতিবলৈ ওচৰ চাপিব নোৱাৰে ভুক্তভোগী ব্যৱসায়ীয়ে। এইসকল লোকক আগতীয়াকৈ জাননী প্ৰদান নকৰি উচ্ছেদ কৰাক লৈ অসন্তুষ্টি প্ৰকাশ কৰিলে ইফালে উচ্ছেদৰ ফলত এতিয়া হাহাকাৰ কৰিছে কাটনিবাৰীৰ লগতে ঠেলামৰাৰ বহু পৰিয়ালে।

এনে অৱস্থাত চৰকাৰক উপযুক্ত ক্ষতিপূৰণ দিবলৈ দাবী জনাইছে ভুক্তভোগী উচ্ছেদিত লোকে। শোণিতপুৰ জিলা প্ৰশাসনৰ এনে স্থিতিকলৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে বৃহতৰ ঠেলামৰা অঞ্চলত। কি কাৰণে বেলশিৰিত ২৩ আগষ্টৰ জাননী প্ৰদান কৰিলে ৫ ছেপ্তেম্বৰত? যাৰ বাবে এতিয়া মূৰত সৰগ ভাঙি পৰিছে ঠেলামৰাৰ লগতে বেলশিৰি ব্যৱসায় সকলৰ ওপৰত। ইফালে এইসকল ভুক্তভোগী উচ্ছেদিত ব্যৱসায়ীক চৰকাৰে কিদৰে ক্ষতিপূৰণ দিয়ে সেয়া হ'ব লক্ষণীয়।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।