চেতনা দাসলৈ ২০১৯ বৰ্ষৰ ‘বৰপেটা বঁটা'

 04/05/2019 - 14:51

বৰপেটাঃ অসমৰ জনপ্ৰিয় তথা প্ৰতিষ্ঠিত অভিনেত্ৰী চেতনা দাসলৈ আগবঢ়োৱা হৈছে ২০১৯ বৰ্ষৰ ‘বৰপেটা বঁটা’।

বৰপেটা আঞ্চলিক ছাত্ৰ সন্থাই পহিলা ব’হাগৰ দিনটোতে এই বঁটা প্ৰদান কৰি সন্মান যাচিব ৰাইজৰ অতি আদৰৰ অভিনেত্ৰীগৰাকীক।

সত্ৰনগৰী বৰপেটাৰ নামত ছাত্ৰ সন্থাই প্ৰতিবছৰে প্ৰদান কৰি আহিছে ‘বৰপেটা বঁটা’। এই খবৰে চেতনা দাসৰ অনুৰাগীসকলক উৎফুল্লিত কৰি তুলিছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।