বন্দিহানা আৰক্ষী চকীত অঘটন

 09/06/2019 - 19:59

দক্ষিণ শালমাৰা: দক্ষিণ শালমাৰা আৰক্ষী জিলাৰ ফকিৰগঞ্জ থানাৰ অন্তৰ্গত বন্দিহানা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া খনিন্দ্ৰচন্দ্ৰ ৰায়ৰ চিপজৰী লৈ আত্মহত্যা। ৰাতিপুৱা ৰহস্যজনক ভাৱে আৰক্ষী বিষয়া জনক শৌচালয়ত চিপজৰী লৈ থকা অৱস্থাত প্ৰত্যক্ষ কৰে। পিচত আৰক্ষী চকীখনৰ পৰা দক্ষিণ শালমাৰা আৰক্ষী জিলাৰ আৰক্ষী অধীক্ষক কংকন জ্যোতি শইকীয়াক ঘটনা সন্দৰ্ভত অৱগত কৰাত আৰক্ষী অধীক্ষক গৰাকী, ডি এছ পি আৰিফ আহমেদ, দণ্ডাধীশ সহ ঘটনাস্থলীত উপস্থিত হয়। আৰক্ষী বিষয়া খনিন্দ্ৰচন্দ্ৰ ৰায়ৰ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে ধুবুৰীলৈ প্ৰেৰন কৰে। আৰক্ষী বিষয়া খনিন্দ্ৰচন্দ্ৰ ৰায় আত্মহননৰ পথ বাছি ললে নে কোনোবাই হত্যা কৰালে, এই সৰ্ম্পকে সঠিক তথ্য এতিয়াও উদঘাটন হোৱা নাই।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।