যোৰহাটঃ টীয়ক চাহ বাগিচাত চমৰা মাঝি নামৰ এগৰাকী চাহ শ্ৰমিকৰ মৃত্যুক কেন্দ্ৰ কৰি এদল দানৱে অতি নিৰ্মম ভাবে এগৰাকী জেষ্ঠ চিকিৎসক দেবেন দওক প্ৰহাৰ কৰি হত্যা কৰে। ৬ ছেপ্তেম্বৰত যোৰহাট প্ৰেছ ক্লাৱত চাহ জনজাতি ছাএ সন্থা কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক পৱন ৱেদিয়া, সভাপতি ৰাজেন কুমাৰে এখন সংবাদমেল সম্বোধন কৰে। চিকিৎসক হত্যাকাণ্ডত জড়িত সকলক কঠোৰ শাস্তি প্ৰদান কৰাৰ লগতে চিকিৎসক সকলক নিৰাপত্তা প্ৰদান কৰিৱলৈ দাবী জনাই আটছাৰ কৰ্মীসকলে। এনে বৰ্বৰ ঘটনা ৰোধ কৰি চাহ বাগিচাত আটছাৰ কৰ্মী সকলে সজাগতা কাৰ্যসূচী গ্ৰহণ কৰিব বুলি উল্লেখ কৰে।
ইফালে ঘটনা সন্দৰ্ভত পৰেশ বৰুৱাই চাহ জনগোষ্ঠীটোক দিয়া সকিয়নি দূৰ্ভাগ্য জনক আৰু খিলঞ্জীয়া ই খিলঞ্জীয়াক এনে মন্তব্য কৰাটো নিন্দনীয় বুলি ক্ষোভ উজাৰে আটচাৰ সদস্য সকলে। চিকিৎসক হত্যাত জড়িত সকলৰ হৈ আটছাই ক্ষমা খুজিব চিকিৎসক পৰিয়ালৰ ওচৰত। ৬ ছেপ্তেম্বৰত এই সংবাদ মেলত কেন্দ্ৰীয় সমিতি উপ সভাপতি অনন্ত নায়ক, সহ সম্পাদক ধীৰাজ গোবালা সহ বহু নেতা কৰ্মী উপস্থিত থাকে।