গোলাঘাটত নিশা জ্বলালে ভাৰতীয় খাদ্য নিগমৰ চাউল ভৰ্তি ট্ৰাক

 09/07/2019 - 13:16

গোলাঘাটঃ মাজনিশা গোলাঘাটৰ এটা পেট্ৰল পাম্পত ৰৈ থকা ভাৰতীয় খাদ্য নিগমৰ চাউল ভৰ্তি ট্ৰাক এখন হঠাৎ জ্বলি উঠে। চালক হেন্ডিমেন গভীৰ নিদ্ৰাত থকা অৱস্থাত জ্বলি উঠা ট্ৰাকখনৰ সমগ্ৰ দৃশ্য বন্দী হৈ ৰ’ল CC কেমেৰাত। মাজনিশা গোলাঘাট এৰেঙাপাৰাস্হিত ঠেঙাল পেট্ৰল পাম্পৰ চৌহদত সংঘটিত হৈছে এই ঘটনা। লগে লগে হুলস্থুল লাগিল পেট্ৰল পাম্পৰ কৰ্মচাৰী আৰু স্হানীয় লোকৰ মাজত।

পেট্ৰল পাম্পত ৰৈ থকা AS01DC 7896 নম্বৰৰ ট্ৰাকখনত আছে ভাৰতীয় খাদ্য নিগমৰ চাউল। গোলাঘাটৰ পৰা মণিপুৰলৈ যাব লগা ট্ৰাকখন চালান নথকা বাবে পাম্পত ৰৈ থকা বুলি চালকে জানিবলৈ দিয়ে লগতে কোনো দুৰ্বৃত্তই অগ্নি সংযোগ কৰিছে বুলি কয়। স্হানীয় লোকৰ তৎপৰতাত কথমপি ৰক্ষা পৰে দুয়োজন লোক। যদিও ট্ৰাকখনৰ প্ৰায় ভাগ চাউল জ্বলি যায়।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।