ঐতিহ্যমণ্ডিত চন্দ্ৰপুৰ নামঘৰৰ মূল তোৰণৰ শুভ উদ্ধোধন

 09/07/2019 - 13:33

বোকাজানঃ কাৰ্বি আংলং জিলাৰ বোকাজান অঞ্চলত ১৯৬৯ চনতে সমাজৰ কেইজনমান জ্যেষ্ঠ তথা সমাজপ্ৰিয় ব্যক্তিৰ প্রচেষ্টাত নিৰ্মাণ কৰা হৈছিল চন্দ্ৰপুৰ নামঘৰ। কালক্রমত ৰাইজৰ প্ৰচেষ্টাত এই নামঘৰৰ পৰিসৰ লাহে লাহে বৃদ্ধি হয়। ৫০ বছৰীয়া ইতিহাসত স্বনামধন্য বহু ব্যক্তিয়ে চন্দ্ৰপুৰ নামঘৰৰ বাবে যথেষ্ট অৱদান আগবঢ়াই থৈ গৈছে। সোণালী বৰ্ষৰ লগত সংগতি ৰাখি কাৰ্বি আংলং জিলাৰ কাৰ্যবাহী সদস্য মাধুয্য ঢেকিয়াল ফুকনে চন্দ্ৰপুৰ ৰাইজলৈ এখনি আটক ধুনীয়া তোৰণ প্ৰদান কৰে।

শুকুৰবাৰে দিনৰ ১১ বজাত চন্দ্ৰপুৰ লগতে বোকাজানবাসী ভক্তপ্ৰাণ ৰাইজৰ উপস্থিতত কাৰ্বি আংলং জিলাৰ কাৰ্যবাহী সদস্য মাধুয্য ঢেকিয়াল ফুকনে চন্দ্ৰপুৰ নামঘৰৰ মূল তোৰণখনি শুভ উদ্বোধন কৰে। চন্দ্ৰপুৰ নামঘৰ পৰিচালনা সমিতি, চন্দ্ৰপুৰ নামঘৰ সোণালীবৰ্ষ উদযাপন সমিতি আৰু চন্দ্ৰপুৰ মহিলা সমিতিয়ে কাৰ্যবাহী সদস্য মাধুৰ্য ঢেকিয়াল ফুকনক গামোচা, চেলেং, শৰাই আৰু সম্বৰ্ধনা পত্ৰৰে উষ্ম আদৰণি জনায়।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।