পোকৰ আক্ৰমনত শ শ বিঘা ধান খেতি নষ্ট

 09/07/2019 - 13:38

বিশ্বনাথ চাৰিআলিঃ সৰহ সংখ্যক লোকেই কৃষিৰ ওপৰত নিৰ্ভৰশীল। কৃষক সকলে নিজৰ নিজৰ পথাৰত শস্য ৰোপণ সম্পূৰ্ণ কৰে যদিও শেহতীয়াভাৱে প্ৰচণ্ড খৰাং হোৱাৰ বাবে শস্য পথাৰত মেলিলে চিৰাল ফাট। যাৰ বাবে সজাল ধৰা ধান মৰহি গৈছে। এই ধান খেতিৰ ওপৰত এতিয়া চলিছে পোকৰ আক্ৰমণ। বিশেষকৈ বিহালী বিধান সভা সমষ্টিৰ অন্তৰ্গত পূৱ জিনজিয়াৰ খেতি পথাৰত চলিছে পোকৰ আতংক৷

পথাৰত পানী শুকাই যোৱাৰ পিচত এতিয়া ভূতৰ ওপৰত দানৱ পৰাৰ দৰে পৰিছে পোক৷ পানী শুকাই যোৱাৰ বাবে বৃদ্ধি পাইছে পোকৰ আক্ৰমণ৷ কৃষি বিভাগে যোগান ধৰা ঔষধ চটিয়াইছে যদিও সুফল লাভ কৰা নাই কৃষকে৷ জলসিঞ্চন বিভাগে পানী যোগান ধৰিব নোৱাৰাৰ অভিযোগ কৃষকৰ।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।