শ্ৰীৰামপুৰত আৰক্ষীৰ অভিযানত কুখ্যাত গো মাফিয়া গ্ৰেপ্তাৰ

 09/07/2019 - 14:13

শ্ৰীৰামপুৰঃ কোকৰাঝাৰ জিলাৰ গোসাঁইগাঁও মহকুমাৰ অসম-বংগ সীমান্তৰ শ্ৰীৰামপুৰত ৩১ নম্বৰ 'গ' ৰাষ্ট্ৰীয় ঘাইপথত বৃহস্পতিবাৰে নিশা আৰক্ষীয়ে অভিযান চলাই এ-এছ-০১- জি-চি/৩৮৩৭ নম্বৰৰ ট্ৰাকসহ বহিঃৰাজ্যৰ পৰা আমদানিকৃত ১৬ টা গৰু জব্দ কৰাৰ লগতে গৰুৰ লগত অহা ১০ জন লোকক আটক কৰে৷ ১০ জনৰ ভিতৰত কুখ্যাত গো মাফিয়া মুন্না শইকীয়া ওৰফে ইকৰাম হুছেইন (৪৭) আৰু অৰুণ লিংডু আছে৷

আৰক্ষী সূত্ৰত প্ৰকাশ কৰা মতে বৃহস্পতিবাৰে নিশাৰ ভাগত আন্তঃৰাজ্যিক সীমান্ত শ্ৰীৰামপুৰ হৈ অবৈধভাৱে গৰু সৰবৰাহ কৰাৰ তথ্য লাভ কৰি গোসাঁইগাঁও মহকুমাৰ আৰক্ষী বিষয়াৰ নেতৃত্বত গোসাঁইগাঁও থানা আৰু শিমুলটাপু আৰক্ষী চকীৰ আৰক্ষীয়ে ৰাষ্ট্ৰীয় ঘাইপথত অভিযান চলাই বহিঃৰাজ্যৰ পৰা আমদানিকৃত গৰুসহ এখন ট্ৰাক আটক কৰি তালাচী চলায়৷ আটকাধীন ট্ৰাকত অনা গৰুসমূহৰ উপযুক্ত নথি নোপোৱাত আৰক্ষীয়ে গৰুকেইটা জব্দ কৰাৰ লগতে গো মাফিয়া মুন্না শইকীয়াসহ সকলোকে ৩৮৮/২০১৯ নম্বৰৰ গোচৰ পঞ্জীয়ন কৰি গ্ৰেপ্তাৰ কৰে৷

আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা লোকসকল হৈছে মুন্না শইকীয়া ওৰফে ইকৰাম হুছেইন(৪৭), মেঘালয়ৰ অৰুণ লিংডু(৫৪), পশু চিকিৎসক ড° ক্ষীৰোদ শইকীয়া(৪৮)ৰ লগতে গৰু সৰবৰাহত জড়িত আন সাতজন ক্ৰমে পশ্চিম বংগৰ বিশ্বজীৎ ৰায়, প্ৰদীপ বৰ্মন, আব্দুল আলম, মাজিবুৰ ৰহমান, মানিক মণ্ডল, মালিক ফিৰোজ, ৰছিদ আলী৷ উল্লেখ্য যে অবৈধ গৰু চালান প্ৰতিৰোধ কৰাৰ বাবে আৰক্ষীয়ে তীব্ৰ অভিযান অব্যাহত ৰখাৰ সময়তে আৰক্ষীয়ে কুখ্যাত গৰু ব্যৱসায়ী মুন্না শইকীয়াক আটক কৰাৰ লগতে তেওঁৰ এএছ ০১ একে/৭৩৬৩ নম্বৰৰ ইন’ভা গাড়ী জব্দ কৰে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।