ছ'চিয়েল মিডিয়াৰ বিৰুদ্ধে কঠোৰ অষ্ট্ৰেলিয়াৰ চৰকাৰ

 04/05/2019 - 15:08

ডিজিটেল ডেস্কঃ বিশ্বজুৰি এতিয়া ছ'চিয়েল মিডিয়াৰ প্ৰতি বহু লোক আকৃষ্ট হৈ পৰিছে। ছ'চিয়েল মিডিয়াৰ অপব্যৱহাৰ কৰি বহু লোকে বিশৃংখলতাৰ সৃষ্টি কৰি অহা কথাটো নতুন নহয়। এই ক্ষেত্ৰত বিশ্বৰ বিভিন্ন দেশে ছ'চিয়েল মিডিয়াক নিয়ন্ত্ৰণ কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে।

শেহতীয়াকৈ অষ্ট্ৰেলিয়াৰ চৰকাৰে ছ'চিয়েল মিডিয়াৰ জৰিয়তে যদি কোনোবাই সামাজিক অস্থিৰতাৰ সৃষ্টি কৰিব পৰা পোষ্ট দিয়ে তেন্তে তেওঁলোকৰ বিৰুদ্ধে চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰাৰ উপৰি যি মিডিয়াৰ জৰিয়তে তেনে পোষ্ট দিয়ে সেই মিডিয়াৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব।

শেহতীয়াকৈ পোন্ধৰ মাৰ্চত অষ্ট্ৰেলিয়াৰ দুটা মছজিদ সন্ত্ৰাসবাদীয়ে আক্ৰমণ কৰা ঘটনাক লৈ ছ'চিয়েল মিডিয়াত সাম্প্ৰদায়িক মন্তব্য কৰা হৈছিল তাৰ পিছতেই অষ্ট্ৰেলিয়াৰ চৰকাৰে ছ'চিয়েল মিডিয়াক নিয়ন্ত্ৰণ কৰিবলৈ এই আইনখন প্ৰণয়ন কৰে।

নতুন এই আইন অনুসৰি সামাজিক অস্থিৰতা বৃদ্ধি কৰা পোষ্ট যি ছ'চিয়েল মিডিয়াৰ জৰিয়তে প্ৰচাৰ কৰা হ'ব সেই মিডিয়াৰ কৰ্তৃপক্ষই ক্ষতিপূৰণ আদায় দিয়াৰ লগতে কৰ্তৃপক্ষৰ কাৰাবাস পৰ্যন্ত হ'ব পাৰে বুলি নিৰ্দেশ প্ৰদান কৰা হৈছে৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।