09/07/2019 - 14:31
in
লখিমপুৰঃ শুকুৰবাৰে লখিমপুৰৰ হাৰমতী আৰক্ষী চকীত উত্তপ্ত পৰিস্থিতি। নিশা আৰক্ষী চকী ঘেৰাও কৰিলে কেইবাশতাধিক পুৰুষ মহিলাই। কৈৱৰ্ত জাতিক অপমান কৰাক কেন্দ্র কৰি প্রতিবাদ। হাৰমতীৰ সমীপৰ শিলিখাগুৰিত অবৈধভাৱে বালি কঢ়িওৱা এখন টেক্টৰে সংঘটিত কৰা দুৰ্ঘটনাক কেন্দ্র কৰি উত্তেজনা। দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছত টেক্টৰৰ মালিকে আক্ৰমণ কৰিছিল স্থানীয় যুৱকক।
মালিক মইনা শইকীয়াৰ বিৰুদ্ধে মাত মতাৰ বাবেই স্থানীয় দুই যুৱকক মাৰপিট। কৈৱৰ্ত জাতিক লৈ অপমানসূচক মন্তব্য কৰাৰ অভিযোগ শতাধিক পুৰুষ-মহিলাৰ। হাৰমতী থানা ঘেৰাও কৰি সৃষ্টি কৰে উত্তপ্ত পৰিস্থিতিৰ। অভিযুক্ত মইনা শইকীয়াক শাস্তিৰ দাবী ৰাইজৰ।