09/07/2019 - 14:48
in
আমিনগাঁওঃ ভাৰতৰ আগশাৰী ৰাষ্ট্ৰীয়কৃত বেংক, বেংক অব্ ইণ্ডিয়াৰ ১১৪ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি বেটী বচাও বেটী পঢ়াও আঁচনিৰ অধীনত ছাত্ৰীসকলক জলপানি বিতৰণ কৰা হয়। উত্তৰ গুৱাহাটীৰ শিলসাকোঁস্থিত শংকৰদেৱ শিশু নিকেতনৰ পৰিচালনা সমিতিৰ সম্পাদক মুকুটেশ্বৰ গোস্বামীয়ে জানিবলৈ দিয়া মতে শনিবাৰে বেংক অব্ ইণ্ডিয়াৰ আঞ্চলিক বিষয়া মৃণাল কান্তি ঘোষ নিকেতনত উপস্থিত হয়। ইয়াৰ পাছতে বিষয়াগৰাকীয়ে উপপ্ৰধান আচাৰ্য জগদীশ শৰ্মাৰ উপস্থিতিত অষ্টম শ্ৰেণীৰ ছাত্ৰী ময়ূৰী নাথ আৰু পঞ্চম শ্ৰেণীৰ ছাত্ৰী বিদিশা বড়োক বেটি বচাও বেটি পঢ়াও আঁচনিৰ অধীনত ১২০০ টকাকৈ চেক প্ৰদান কৰে।