09/07/2019 - 14:53
in
মঙলদৈঃ পাকিস্তানৰ প্ৰধান মন্ত্ৰী ইমৰান খানে অসমৰ এনআৰচিক লৈ প্ৰতিক্ৰিয়া প্ৰকাশৰ এটা টুইটত মন্তব্য প্ৰকাশ কৰি ৰঙা ঘৰৰ আলহী হ’ল মঙলদৈৰ মোবাৰক আলী নামৰ এজন যুৱক। দৰং আৰক্ষীৰ উপ-আৰক্ষী অধীক্ষক মামণি হাজৰিকা আৰু দৰং আৰক্ষীৰ চাইবাৰ চেলৰ উপ-পৰিদর্শক কৃষ্ণকান্ত লস্কৰৰ নেতৃত্বত যোৱা এটি দলে ধূলা থানাৰ অন্তৰ্গত বকদিয়াৰ নিজ বাসগৃহৰ পৰা আটক কৰে যুৱকজনক। সম্প্ৰতি ধূলা আৰক্ষী থানাত ৪৬৭/১৯ নম্বৰত এটি গোচৰ ৰুজু কৰি অধিক তথ্যৰ বাবে তদন্ত অব্যাহত ৰাখিছে।