09/07/2019 - 15:05
in
নলবাৰীঃ নলবাৰী বৰমুড়ি কণাৰ গো-পূজাৰ চকত নলবাৰী আৰক্ষীয়ে নিশা বৃহৎ পৰিমাণৰ অবৈধ চুলাই মদ আৰু বিলাতী সুৰাসহ এজন লোকক আটক কৰে। আটক কৰা লোকজনৰ নাম পংকজ হালৈ। দীৰ্ঘ দিন ধৰি ধৃত পংকজ হালৈয়ে ষ্টোৰ নামৰ দোকানখনত অবৈধ সুৰা বিক্ৰী কৰি আহিছিল।
নলবাৰী সদৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া তপন কলিতাৰ নেতৃত্বত আৰক্ষীৰ দল এটাই অভিযান চলাই অবৈধ সুৰাসহ লোকজনক আটক কৰিব সক্ষম হয়। উল্লেখ্য যে নলবাৰী আৰক্ষীয়ে অবৈধ সুৰা আৰু গাঞ্জাৰ বিৰুদ্ধে অভিযান তীব্ৰতৰ কৰি তুলিছে।