ৰঙিয়াৰ মীন বিভাগৰ পুখুৰীত মৃতদেহ উদ্ধাৰ

 09/07/2019 - 15:41

ৰঙিয়াঃ ৰঙিয়া তিনিআলিৰ মীন বিভাগৰ পুখুৰীত মৃতদেহ উদ্ধাৰকলৈ চাঞ্চল্য। পুখুৰীত উপঙি থকা অৱস্থা এজন যুৱকৰ মৃতদেহ উদ্ধাৰ হয়। হত্যা কৰি পুখুৰীত পেলাই দিয়াৰ সন্দেহ কৰিছে ৰাইজে। মৃতদেহটো গেলিবলৈ লোৱাৰ প্ৰতি ল্যক্ষ ৰাখি প্ৰায় তিনিদিন পূৰ্বে হত্যা কৰাৰ সন্দেহ।

নীলা ৰঙৰ জিন্স পেণ্ট আৰু নীলা ৰঙৰ স্পৰ্টিং পৰিহিত ব্যক্তিজনৰ বয়স প্ৰায় ৪০ বছৰ হ’ব বুলি অনুমান কৰা হৈছে। অচিনাক্ত মৃতদেহটো আৰক্ষীয়ে উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰিছে। আৰক্ষীয়ে অনুসন্ধান অব্যাহত ৰাখিছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।