চামগুৰিত স্থানীয় ৰাইজ-সাংবাদিকক দুৰ্ব্যৱহাৰ বন বিভাগৰ জ্যেষ্ঠ বিষয়াৰ

 09/07/2019 - 15:55

চামগুৰিঃ চামগুৰিত এইবাৰ বনদস্যুৱে নহয় খোদ বন বিভাগৰে এগৰাকী জ্যেষ্ঠ বিষয়াই দুৰ্ব্যৱহাৰ কৰিলে স্থানীয় ৰাইজ আৰু সাংবাদিকৰ দলক। বিজেপি নেতৃত্বাধীন মিত্ৰজোঁট চৰকাৰে দুৰ্নীতিৰ ক্ষেত্ৰত শূন্য সহনশীলতা নীতি গ্ৰহণ কৰাৰ সময়তে নগাঁও-কাৰ্বিআংলং সীমান্তৱৰ্তী অঞ্চল তথা চামগুৰিৰ লালপাহাৰত বনাঞ্চল ধ্বংস কৰাৰ এখন ভয়াবহ ছবি পোহৰলৈ আহিছে। চামগুৰিৰ শালনা বনাঞ্চলিক কাৰ্যালয়ৰ অন্তৰ্গত কঠালগুৰি উপ-খণ্ড কাৰ্যালয়ৰ অধীনৰ লাল পাহাৰত ব্যাপক বনধ্বংস ইতিমধ্যে বহু দিন ধৰি চলি আহিছে।

বৃহস্পতিবাৰে পুৱতি নিশাও চামগুৰিৰ লালপাহাৰত বনদস্যুৱে বন ধ্বংস কৰাৰ লগতে একপ্ৰকাৰ কাটি তহিলং কৰিছে মূল্যবান গছ। বৃহস্পতিবাৰে পুৱতি নিশা কঠালগুৰি উপ খণ্ড বন বিষয়া কাৰ্যালয়ৰ কাষতে দুবৃৰ্ত্তৰ এটা দলে বৃহৎকায় এজোপা গছ কাটি পাহাৰৰ কাষৰ নদী পথেৰে গছজোপা সৰবৰাহ কৰাৰ পৰিকল্পনা কৰিছিল। ইতিমধ্যে ঘটনাৰ খবৰ পাই বাতৰি সংগ্ৰহৰ বাবে সংবাদ মাধ্যমৰ লোক উপস্থিত হোৱাৰ পাছতেই ততাতৈয়াকৈ বন বিভাগৰ লোক উপস্থিত হৈ কাটি থোৱা গছজোপা জব্দ কৰে।

আনহাতে বাতৰি সংগ্ৰহৰ বাবে ঘটনাস্থলীত বন বিভাগৰ পূৰ্বেই উপস্থিত হোৱা সাংবাদিক আৰু স্থানীয় ৰাইজৰ ওপৰত খৰ্গহস্ত হৈ স্থানীয় ৰাইজ আৰু সাংবাদিকক দুব্যৱহাৰ কৰে ঘটনাস্থলীত উপস্থিত হোৱা ভাৰপ্ৰাপ্ত শালনা আঞ্চলিক বন বিষয়া যাদব চন্দ্ৰ বৰাই। উল্লেখ্য যে কৰ্তব্যৰত অৱস্থাত বিষয়াগৰাকীয়ে বনধ্বংস যজ্ঞ পৰিদৰ্শন কৰাৰ পৰিৱৰ্তে সেৱন কৰিবৰ বাবে ধঁপাতজাতীয় দ্ৰব্য প্ৰস্তুত কৰি থকাৰ দৃশ্যাংশ সংগ্ৰহ কৰাক লৈয়ে সাংবাদিকৰ সৈতে বাকযুদ্ধত লিপ্ত হয় বিষয়াগৰাকী আৰু ইয়াৰ পাছতেই বিষয়াগৰাকীয়ে অশ্ৰাব্য গালি গালাছ কৰে সাংবাদিকৰ দলটোক।

বিষয়াগৰাকীৰ এনে কাণ্ডৰ বাবে উপস্থিত স্থানীয় ৰাইজে তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰে। আনহাতে স্থানীয় ৰাইজে বিষয়াগৰাকীৰ অভদ্ৰামি প্ৰত্যক্ষ কৰি কাৰ পিছত আচলতে এনে স্বভাৱৰ বিষয়াৰ বাবেই প্ৰকৃততে বনধ্বংস যজ্ঞ চলি আছে নেকি বুলিও প্ৰশ্নৰ অৱতাৰণা হৈছে সচেতন মহলৰ মাজত।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।