কামপুৰত অবৈধ শিল কঢ়িওৱা ডাম্পাৰৰ দৌৰাত্ম

 09/07/2019 - 16:13

কামপুৰঃ সাংবাদিকৰ কেমেৰা দেখি পলায়ন চালান বিহীন ডাম্পাৰৰ৷ কামপুৰৰ পতিয়াপামৰ ৰাইজে আবদ্ধ কৰি ৰাখিছে কেইবাখনো ডাম্পাৰ। ৰাইজৰ অভিযোগ ৰেল বিভাগৰ দ্বিতীয়টো ৰেলপথ নিৰ্মান কাৰ্যত ব্যৱহাৰ কৰা ডাম্পাৰ সমূহ দৈনিক চলাচল কৰি পতিয়াপাম গাঁৱৰ পথতো বিধ্বস্ত কৰিছে। যাৰ বাবে যাতায়তত দূৰ্ভোগ ভোগীছে অঞ্চলবাসীয়ে৷

স্থানীয় ৰাইজে পথটো বন্ধ কৰি ডাম্পাৰ কেইখন আবদ্ধ কৰি খৱৰ দিয়ে সাংবাদিকক৷ সাংবাদিকৰ কেমেৰা দেখি ঘটনাস্থলীৰ পৰা পলায়ন কৰে এন এফ ৰেলৱেৰ পথ নিৰ্মানত ব্যৱহিত শিল কঢ়িয়াই অনা ডাম্পাৰ কেইখন। কাৰন শিল কঢ়িওৱা ডাম্পাৰ কেইখনৰ নাছিল কোনো বৈধ চালান। এনেদৰেই দৈনিক ৫০ ৰ পৰা ১০০ খনকৈ ডাম্পাৰে বন বিভাগৰ একাংশ লোকক মেনেজ কৰি বন কাৰ্যালয়ৰ সন্মুখৰে চৰকাৰক কৰ ফাঁকি দি এন এফ ৰে'লৱেৰ পথ নিৰ্মানত ব্যৱহিত শিল যোগান ধৰি আহিছে একাংশ বন মাফিয়াই৷

এই বন মাফিয়াৰ সকলৰ মাজত একাংশ বিজেপি কৰ্মী জড়িত থকাৰ লগতে চৰকাৰৰ একাংশ বৰমূৰীয়াৰো আৰ্শীবাদ থকাৰ সন্দেহ কৰিছে স্থানীয় লোকে৷ এতিয়া দূৰ্নীতিত শূন্য সহনশীলস্থিতি গ্ৰহন কৰা বিজেপি চৰকাৰ তথা বন বিভাগৰ বিষয়া সকলে ইয়াৰ বিৰুদ্ধে কিবা ব্যৱস্থা গ্ৰহন কৰিবনে সেয়া সময়তহে লক্ষণীয় হ’ব৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।