তিনিদিনীয়া কাৰ্যসূচীৰে কোচৰাজবংশী লোকগীত, লোকনৃত্য আৰু লোকবাদ্য প্ৰতিযোগিতা

 09/07/2019 - 16:43

কোকৰাঝাৰঃ কোচৰাজবংশী কালচাৰেল ছ’চাইটিৰ সহযোগত ১৪, ১৫ আৰু ১৬ ছেপ্টেম্বৰত তিনিদিনীয়া কাৰ্যসূচীৰে বঙাইগাঁৱৰ পাব্লিক লাইব্ৰেৰী আৰু বীৰঝৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ওচৰত কোচৰাজবংশী লোকগীত, লোকনৃত্য আৰু লোকবাদ্যৰ প্ৰতিযোগিতাৰ আয়োজন কৰে৷ আয়োজক সমিতিয়ে কোচৰাজবংশীসকলৰ লোকগীত, লোকবাদ্য আৰু লোকনৃত্যসমূহ আন্তৰ্জাতিক পৰ্যায়ত বিজ্ঞানসন্মতভাৱে উপস্থাপন, সংৰক্ষণ আৰু বহুল প্ৰচাৰৰ বাবে অসম ৰাজ্যিক ভিত্তিত প্ৰতিযোগিতাখনৰ আয়োজন কৰে৷

ইচ্ছুক প্ৰতিযোগীসকলে ১০ ছেপ্টেম্বৰৰ ভিতৰত ৮৬৩৮৬৭৭৩১২, ৯৪৩৫৭০২৩৯২ আৰু ৭০০২২০৬০০১ নম্বৰত যোগাযোগ কৰিব পাৰে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।