আৰৱৰ সৰ্বোচ্চ অসামৰিক সন্মান নৰেন্দ্ৰ মোদীলৈ

 04/05/2019 - 15:50

ডিজিটেল ডেস্কঃ নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত বিজেপিৰ বাবে সুখবৰ৷ আৰবে মোদীক আগবঢ়ালে জায়েদ মেডেল। লোক সভা নিৰ্বচনলৈ মাজত মাত্ৰ কেইটামান দিন বাকী থকাৰ সময়তে সমগ্ৰ দেশজুৰি নিৰ্বাচনী আচৰণ বিধি বলবৎ হৈছে।

ইয়াৰ মাজতে বিজেপিৰ বাবে অহা সুখবৰটো হ’ল- সংযুক্ত আৰৱ গণৰাজ্যই‌ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ আগবঢ়াইছে দেশখনৰ সৰ্বোচ্চ অসামৰিক সন্মান জায়েদ মেডেল।

আৰবৰ এগৰাকী চৰকাৰী মুখপাত্ৰই এই সম্পৰ্কত মন্তব্য কৰি কয় যে প্ৰধান মন্ত্ৰী মোদীয়ে সংযুক্ত আৰৱৰ সৈতে সম্পৰ্ক উন্নীতকৰণৰ ক্ষেত্ৰত অভূতপূৰ্ব ভূমিকা পালন কৰিছে আৰু সেই ভূমিকাৰ বাবেই মোদীলৈ আগবঢ়োৱা হৈছে আৰৱ গণৰাজ্যৰ সৰ্বোচ্চ অসামৰিক সন্মান।

এই সন্মানৰ পিছত উৎফুল্লিত হৈ পৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। তেওঁ টুইটাৰযোগে কয় যে এই সন্মানে আৰৱ আৰু ভাৰতৰ মাজৰ সম্পৰ্ক অধিক মজবুত আৰু উন্নত কৰাত সহায় কৰিব।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।