বিশেষ স্থানত হাউলীৰ হালাপাকুৰী হাই মাদ্ৰাছা

 09/07/2019 - 17:56

হাউলীঃ বৰপেটা জিলাৰ হাউলীৰ সমীপৰ হালাপাকুৰী হাই মাদ্ৰাছাখন ১৯৪৪ চনত স্থানীয় প্ৰয়াত ময়জুদ্দিন, মফিজ উদ্দিন আহমেদৰ অশেষ প্ৰচেষ্টাত স্থাপিত হয়| তেতিয়াৰ পৰাই উক্ত মাদ্ৰাছাখনে অঞ্চলটোত বিশেষ স্থান পাই আহিছে| এইবেলিও অসম চৰকাৰৰ শিক্ষা বিভাগ লৈ দৃষ্টি আকৰ্ষণ কৰাৰ ফলত অনুষ্ঠানটিয়ে জিলাখনৰ ভিতৰত বিশেষভাৱে চৰ্চিত হৈ পৰে। জিলাখনৰ ভিতৰত উক্ত বিদ্যালয়খনে অসমৰ ভিতৰত দ্বিতীয় স্থান লাভ কৰিবলৈ সক্ষম হোৱাত বৃহত্তৰ হালাপাকুৰি, হাউলী, জয়পুৰ আদি অঞ্চলৰ ৰাইজৰ মাজত আনন্দ উল্লাসৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে।

জানিব পৰা মতে অসম চৰকাৰৰ তৰফৰ পৰা ঘোষিত কৰা অসমৰ শীৰ্ষত থকা বিশেষ ১০ টা স্থানৰ ভিতৰত দ্বিতীয় স্থান পাই বৰপেটা জিলাত সুনাম কঢ়িয়াবলৈ সক্ষম হৈছে| বিগত তিনি বছৰত ১০০ শতাংশ শিক্ষাৰ্থী উত্তীৰ্ণ হৈ ভাল ফলাফল লাভ কৰি অঞ্চলখনলৈ সুনাম কঢ়িয়াই অনাত ৰাজ্য চৰকাৰে এককালিন এক লাখ টকাৰ চেক, মানপত্ৰ, পুৰষ্কাৰ আদি অসম চৰকাৰে আয়োজন কৰা শিক্ষক দিৱসৰ দিনা অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে মাদ্ৰাছাখনৰ ভাৰপ্ৰাপ্ত অধীক্ষক ৰমজান আলী আহমেদক অৰ্পণ কৰে।

ৰাজ্যখনৰ় বৰপেটা, কামৰূপ (মেট্ৰ'), শিৱসাগৰ, তিনিচুকীয়া, বাক্সা, নলবাৰী আৰু দৰং জিলাই এই বিশেষ স্থান লাভ কৰে বুলি ভাৰপ্ৰাপ্ত অধীক্ষক ৰমজান আলী আহমেদে জানিবলৈ দিয়ে| হালাপাকুৰী হাই মাদ্ৰাছাৰ এনে সাফল্যই জিলাখনলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে| ইপিনে উক্ত গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত হাউলী হাইস্কুলৰ সহকাৰী শিক্ষক গজেন দাসে ৰাজ্যিক কৃতী শিক্ষকৰ বঁটা লাভ কৰি হাউলী অঞ্চললৈ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে|

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।