09/07/2019 - 18:07
in
লখিমপুৰঃ উত্তৰ লখিমপুৰ নগৰৰ জিলা অসামৰিক চিকিৎসালয়ৰ সন্মুখত জিলা প্ৰশাসনৰ দ্বাৰা আজি পুৱাৰে পৰা উচ্ছেদ অভিযান চলাই দোকান পোহাৰ সমুহ ভাঙি পেলায়৷ চৰকাৰী ভূমিত বছৰ বছৰ ধৰি এচাম যুৱক-যুৱতীয়ে ঘুমটি দোকান স্থাপন কৰি এনেদৰে ব্যৱসায় চলাই আছিল, যদিও চৰকাৰী মাটি হোৱাত এই উচ্ছেদ অভিযান চলাব লগা হয় প্ৰশাসনে৷
বৰ্তমান জিলা অসামৰিক চিকিৎসালয় খন চিকিৎসা মহাবিদ্যালয়লৈ উন্নতিকৰণ কৰাৰ কাম চলি থকাৰ বাবে পথটি বহল কৰাৰ স্বার্থত প্ৰশাসনে এই উচ্ছেদ অভিযান চলোৱা বুলি জানিব পৰা গৈছে৷ আৰক্ষীৰ চোকা বেস্তনীৰ মাজত মুঠ ৬০ খনকৈ দোকানৰ লগতে উত্তৰ লখিমপুৰ চেন্ট মেৰিজ বিদ্যালয়ৰ দেৱালো সম্পূর্ণ ৰূপে ভাঙি পেলোৱা হয়৷