পথ নিৰ্মাণকাৰী ঠিকাদাৰৰ নিৰ্মাণ সামগ্রী মজুত ৰখা কেম্পাছ সন্দৰ্ভত তদন্তৰ দাবী জিলা উপায়ুক্তক

 09/07/2019 - 18:51

কামৰূপঃ কামৰূপ জিলাৰ উত্তৰ-পূব সীমান্ত এলেকাৰ অন্যতম উচ্চ শিক্ষাৰ অনুস্থান শিঙাৰপাৰা পাতিদৰং উচ্চ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰ খনত বিদ্যালয় খনৰ ছাত্র ছাত্রীৰ সকলে খেলা ধুলাৰ অনুশীলনৰ পৰা বঞ্চিত হবলগীয়া হৈছে। ১৯৪৪ চনতে শিঙাৰপাৰা, পাত্ৰপুৰ, সাহান, ঔতলা, বাৰেডলা, খৰিকটা আদি অঞ্চলৰ ৰাইজে মিলি স্থাপন কৰা বিদ্যালয় খনৰ খেলপথাৰ খনত সময়ে সময়ে অঞ্চলটোৰ ৰাইজে বিভিন্ন ৰাজহুৱা সভা সমিতি উৎসৱ আদি সমূহীয়াভাৱে পালন কৰি আহিছে। অকল সেয়াই নহয় বছৰটোৰ নিৰ্দিষ্ট সময়ত স্থানীয় ৰাইজে বিদ্যালয়খনৰ খেলপথাৰ খনতে আমন্ত্রণ কৰি আহিছে ভ্রাম্যমাণ থিয়েটাৰ আৰু ফুটবল প্ৰতিযোগিতা। বৰ্তমান মেৰামতিৰ অভাৱত জহি-খহি পুঁতিগন্ধময় এলেকালৈ পৰ্য্যবসিত হৈছে খেলপথাৰখন।

চৰকাৰৰ ফালৰ পৰা হওক বা পঞ্চায়তীৰাজ ব্যবস্থা যোগে হওক বছৰৰ পিছত বছৰ ধৰি কোনো এটা পক্ষই খেলপথাৰ খনত এটা চপৰাও নেপেলোৱাৰ ফলতে খেলপথাৰ খনৰ এই দুৰৱস্থা বুলি স্থানীয় ৰাইজে অভিযোগ কৰিছে। শেহতীয়াকৈ বেজেৰা বালিকুছি গড়কাপ্তানী পথটোৰ নিৰ্মাণৰ কামত ব্যবহাৰ কৰা হয় বিদ্যালয়খনৰ খেলপথাৰ। অভিযোগ অনুসৰি পথ নিৰ্মাণৰ বাবে ব্যৱহৃত হোৱা শিল বালি আদিকে ধৰি সামগ্রী সমূহ অকৃতৃত্বশীলভাৱে মজুত ৰখা হৈছে বিদ্যালয় খনৰ খেলপথাৰত। পথৰ কাৰ্যৰ নলা নিৰ্মাণৰ বাবে নলা খন্দা অতিৰিক্ত মাটি খিনি দম কৰি থোৱা হৈছে খেলপথাৰ খনত।

এনে কাৰণতে চলিত ছেপ্তেম্বৰ মাহত অনুষ্ঠিত হবলগীয়া গোপীকান্ত শৰ্মা সোঁৱৰণী আন্ত:শ্ৰেণী ফুটবল প্ৰতিযোগিতা খনি অনুষ্ঠিত হোৱাৰ আশাও প্ৰায়ে ক্ষীণ হৈ পৰিছে। স্হানীয় ৰাইজ তথা ফুটবল প্ৰেমীয়ে ফুটবল প্ৰতিযোগিতাখনৰ স্বাৰ্থতে বিদ্যালয় খনৰ খেলপথাৰ খন উপযুক্ত কৰি তোলাৰ বাবে দাবি জনাই বিদ্যালয় কতৃপক্ষক। তদুপৰি বিষয়টো সন্দৰ্ভত প্ৰয়োজনীয় ব্যবস্থা হাতত লোৱাৰ বাবে একাধিক ক্রীড়া সংগঠনে জিলা উপায়ুক্তক দাবী জনাইছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।