ৰঙাপৰা: শোণিতপুৰ জিলা ন্যায় সেৱা প্ৰাধিকাৰীৰ সচিব মৃদুস্মিতা বৰদলৈ আৰু আইন সেৱা প্ৰাধিকৰণৰ মুখ্য সমন্বয়ক ছাজিদুৰ ৰহমানৰ একান্ত প্ৰচেষ্টাত শোণিতপুৰ জিলাৰ ৰঙাপৰাৰ পিংকী কৰ্মকাৰ (৩৫) নামৰ এগৰাকী এমা ডিমা চাৰি সন্তানৰ মাতৃক এক নিৰাপদ আশ্ৰয় প্ৰদান কৰে। মাকৰ মৃত্যু হোৱাত পিতৃ নকুল ভূঞাই পিংকী কৰ্মকাৰক অনুমানিক ১২ বছৰ বয়সত নাগালেণ্ডৰ ডিমাপুৰত কোনোবা লোকক বিক্ৰী কৰিছিল। ডিমাপুৰত ৩ বছৰ থকাৰ পাছত তেওঁক গৃহস্থই লেংৰিজান চাহ বাগিচাৰ শ্ৰমিক ললিত কৰ্মকাৰৰ সৈতে বিয়া পতাই দিয়ে।
ললিত কৰ্মকাৰৰ নিজা ঘৰ ৰঙাপৰা সমষ্টিৰ মনিজাৰনী গাঁৱত বুলি জানিব পৰা গৈছে। নিজকে শোণিতপুৰ জিলাৰ বাসিন্দা বুলি পৰিচয় দিয়া ললিত কৰ্মকাৰে চাহ বাগিচাৰ অস্থায়ী শ্ৰমিক ৰূপে কৰ্মৰত বুলি মহিলা গৰাকীয়ে অৱগত কৰে।কিন্তু আজিৰ পৰা ৩ মাহ মান আগতে ৪ সন্তানৰ মাতৃ পিংকী কৰ্মকাৰক তেওঁৰ স্বামী ললিত কৰ্মকাৰে মাৰ ধৰ কৰি ঘৰৰ পৰা খেদি দিয়াৰ অভিযোগ।
অসহায় ৪ সন্তানৰ মাতৃগৰাকীয়ে উপায়বিহীন হৈ প্ৰায় তিনিমাহ মান আগতে ৰঙাপৰাত উপস্থিত হয়। ৰঙাপৰাৰ ৰাইজৰ দৃষ্টিত পৰে অনাই বনাই ঘুৰি থকা অৱস্হাত। তেওঁলোকে ঘটনাটি সবিশেষ জানিব পাৰি ততাতৈয়াকৈ মহিলা গৰাকীক এটি আশ্ৰয় দিবলৈ আগ্ৰহ প্ৰকাশ কৰে। ইতিমধ্যে মহিলাগৰাকীক তেজপুৰৰ গোটলোং স্থিত জিপকো নামৰ আশ্ৰয় গৃহত থকাৰ সুব্যৱস্থা কৰি দিয়া হৈছে।