মুম্বাইত গ্ৰেপ্তাৰ হোৱা গুৱাহাটীৰ এ টি এম হেকিঙৰ দুই লোকক অসম আনিলে আৰক্ষীয়ে

 09/08/2019 - 13:10

মিৰ্জাঃ অসমত এ টি এম হেকিঙৰ দ্বাৰা লাখ লাখ টকা লুট কৰি আহিছিল এটা হেকিঙ চক্ৰই। এই হেকিঙ চক্ৰৰ দুইজন হেকাৰক মুম্বাই আৰক্ষীৰ সহযোগত গ্ৰেপ্তাৰ কৰে অসম আৰক্ষীয়ে। ক্ৰাইম বাঞ্চে মুম্বাইৰ পৰা তুৰ্কীৰ দুই হেকাৰ আব্দুল হালেক আৰু ঈদগী ইমৰাহক মুম্বাইত গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। লগতে দহখন নকল এ টি এম কাৰ্ড আৰু এটা লেপটপ জব্দ কৰে আৰক্ষীয়ে।

মুম্বাইৰ পৰা নিয়ন্ত্ৰিত হৈছিল হেকাৰৰ দলটো৷ ৰাজ্যৰ পৰা মুঠ ১৬ লাখ ৮৫ হাজাৰ টকা লুটিছিল হেকিঙ চক্ৰটোৱে। আজি মুম্বাইৰ পৰা অসমলৈ লৈ অহা হৈছে দুয়োজন হেকাৰক। ক্ৰাইম বাঞ্চে মুম্বাইৰ পৰা বিমানযোগে বৰঝাৰ বিমানবন্দৰলৈ লৈ আনে আব্দুল হালেক আৰু ঈদগী ইমৰাহক দুুয়োজন হেকাৰক। বৰঝাৰ বিমানবন্দৰৰ পৰা অসম আৰক্ষীৰ ক্ৰাইম বাঞ্চে লৈ যায় হেকাৰ দুয়োজনক। ৰাজ্যত ৪৬টা গোচৰ ৰুজু হৈ আছে এ টি এম হেকিঙ সন্দৰ্ভত।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।