কিংবদন্তি পেলে চিকিৎসালয়ত ভৰ্তি

 04/05/2019 - 16:53

ডিজিটেল ডেস্কঃ ব্ৰাজিলৰ কিংবদন্তি ফুটবলৰ পেলেক বুধবাৰে পেৰিছৰ এখন চিকিৎসালয়ত চিকিৎসাধীন কৰোৱা হয়।

চিকিৎসালয়ৰ সূত্ৰই প্ৰকাশ কৰা মতে ৭৮ বছৰীয়া পেলে অসুস্থ হৈ পৰাত তেওঁক ততাতৈয়াকৈ চিকিৎসালয়ত ভৰ্তি কৰায়। চিকিৎসকে প্ৰাথমিক চিকিৎসা প্ৰদান কৰাৰ পিছত বৰ্তমান তেওঁ সংকট মুক্ত।

চিকিৎসালয়ত কেইদিনমান জিৰণি লৈ পেলেক মুকলি কৰি দিয়া হ'ব বুলি জানিব পৰা গৈছে। ব্ৰাজিলিয়ান তাৰকাগৰাকী ফ্ৰান্স ভ্ৰমণলৈ আহিছিল। মঙ্গলবাৰে তেওঁ বিশ্ব বিজয়ী ফ্ৰান্স ফুটবল দলৰ সৈতে এক বিশেষ অনুষ্ঠানত অংশগ্ৰহণ কৰিছিল।

তাৰ পিছতেই বুধবাৰে পেলে অসুস্থ হৈ পৰে। উল্লেখ্য পেলে হৈছে বিশ্ব ফুটবলৰ সৰ্বকালৰ শ্ৰেষ্ঠ খেলুৱৈ। ১৭ বছৰ বয়সতে জাতীয় দলৰ সৈতে প্ৰথমবাৰলৈ বিশ্ব চেম্পিয়ন হৈছিল মহান খেলুৱৈগৰাকী।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।