মাৰ্ঘেৰিটাঃ তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা মহকুমাৰ লিডুত বৃহৎ পৰিমাণৰ ব্ৰাউন চুগাৰ জব্দ কৰে৷ লিডু আৰক্ষীৰ চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া উত্তম তামাংৰ নেতৃত্বত এটি আৰক্ষী দলে অভিযান চলাই টিৰাপ কলিয়ৰী অঞ্চলত উক্ত নিচাযুক্ত দ্ৰব্যখিনি জব্দ কৰিবলৈ সক্ষম হয়৷ প্ৰাপ্ত তথ্য অনুসৰি প্ৰায় এক লাখ টকা মূল্যৰ নিচাজাতীয় ব্ৰাউন চুগাৰ সহ এ এছ ২৩ ডব্লিউ ৫৩৮৩ নম্বৰৰ এখন কলা ৰঙৰ পালছাৰ মটৰ চাইকেল সহ দুজন যুৱক জাগুনৰ পৰা লিডু অভিমুখে আহি থকা অৱস্থাত পূৰ্বৰ পৰা গোপন সূত্ৰত তথ্যৰ ভিত্তিত খাপ পিটি থকা লিডু আৰক্ষী এই বৃহৎ পৰিমাণ ব্ৰাউন চুগাৰখিনি জব্দ কৰিবলৈ সক্ষম হয়৷ ধৃত ড্ৰাগছ সৰবৰাহকাৰীৰ জুনটো ঘোষ (কালা) আৰু জাকিৰ হুছেইন (বাব্লু)। দীৰ্ঘদিনে এই মাৰাত্মক ড্ৰাগছ সৰবৰাহৰ লগত জড়িত আছে। আৰক্ষীৰ প্ৰাথমিক তদন্ত লিডু দাঁতি কাষৰীয়া অঞ্চলত মাৰাত্মক ড্ৰাগছৰ বেহাৰ লগত বহু তথ্য লাভ কৰিবলৈ সক্ষম হৈছে৷ বৰ্তমান লিডু আৰক্ষীয়ে ধৃত দুই ড্ৰাগছ সৰবৰাহকাৰীক জেৰা অব্যাহত ৰাখিছে৷ তিনিচুকীয়া জিলাখনত চুবুৰীয়া অৰুণাচল প্ৰদেশৰ বিভিন্ন প্ৰান্তৰ পৰা উজনিৰ কেইবাখনো জিলালৈ মাৰাত্মক ড্ৰাগছ সৰবৰাহ দীৰ্ঘদিনে হৈ আহিছে৷