09/08/2019 - 13:35
in
ডিব্ৰুগড়ঃ ডিব্ৰুগড় বিশ্ববিদ্যালয়ত টাই আহোম ছাত্ৰ সমাজৰ উদ্যোগত টাইমূলীয় আৰু টাইআহোম ছাত্ৰসকলৰ নৱাগত আদৰণি সভাখন শনিবাৰে বিষ্ণুৰাভা ৰঙ্গমঞ্চত অনুষ্ঠিত হয়৷ বন্তি প্ৰজ্জ্বলনেৰে অনুষ্ঠানটিৰ শুভাৰম্ভ কৰে ড০ তাৰানাথ দুৱৰাই৷ টাইআহোম ছাত্ৰ সমাজৰ সদস্যা কংকনা গগৈয়ে আঁত ধৰা অনুষ্ঠানটিত সভাপতিত্ব কৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ টাইআহোম ছাত্ৰ সমাজৰ সভাপতি ভাস্কৰ গগৈয়ে৷ নিমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকে ড০ তাৰানাথ দুৱৰা, উদ্দিপ্ত গগৈ, চাও অঞ্জন চেতিয়া আৰু ড০ জিতু ৰঞ্জন চেতিয়া। তেওঁলোকে নিজৰ ভাষণত আহোমসকলৰ ইতিহাস আৰু জাতিটোৰ বাবে আমাৰ কৰণীয় সন্দৰ্ভত বিষদ ভাৱে বক্তব্য আগবঢ়ায়। বিভিন্ন ধৰণৰ নৃত্য ,গীতে জীপাল হোৱা অনুষ্ঠানটিত টাইআহোম ছাত্ৰ সন্থা, আহোম সভা আৰু টাইপাৰ কেইবাগৰাকী সদস্য উপস্থিত থাকে৷ উক্ত অনুষ্ঠানতে সকলো নবাগতকে একোখনকৈ আদৰণি পত্ৰ প্ৰদান কৰা হয়৷