ডিব্ৰুগড় বিশ্ববিদ্যালয় অনুসূচীত জাতি ছাত্র গোটৰ নৱাগত আদৰণি সভা

 09/08/2019 - 14:34

ডিব্ৰুগড়ঃ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ কনকলতা ভৱনত শনিবাৰে অনুসূচীত জাতিৰ নৱাগত ছাত্র-ছাত্রীসকলৰ আদৰণি সভা অনুষ্ঠিত হয়। সভাৰ আৰম্ভণিতে এই গোটৰ মুখ্য প্ৰতিষ্ঠাপক সম্পাদক ভাৰত বনিয়াৰ লগতে সভাত সভাপতিৰ আসন গ্রহণ কৰা লতিকা শইকীয়াই ডঃ বি আৰ আম্বেদকাৰৰ প্ৰতি সন্মান জনাই বন্তি প্রজ্বলন কৰে। গোটৰ সম্পাদক ভাইকণ দাসে উদেশ্যে বাখ্যা কৰা সভাখনত উপস্থিত থাকে সদৌ অসম অনুসূচীত যুৱ ছাত্র পৰিষদৰ কেন্দ্রীয় সভাপতি ৰুবুল দাসে বৰ্তমান সময়ত অসমত অনুসূচীত জাতিৰ যি সমস্যা সন্মুখীন হৈ বিশেষকৈ জলপানিৰ পৰা যে ছাত্র-ছাত্রীসকল বঞ্চিত হৈ আছে তাৰ ওপৰত গুৰুত্বপূৰ্ণ আভাস দিয়ে।

তেওঁৰ লগত থাকে সদৌ অসম অনুসূচীত যুৱ ছাত্র পৰিষদৰ সাধাৰণ সম্পাদক কমলা কান্ত দাস, মুখ্য উপদেষ্টা ৰুপক দাসৰ লগতে বিভিন্ন জিলাৰ সদস্যসকল। ইয়াৰ পিছতেই অগ্ৰজসকলৰ ভিতৰত টংকেশ্বৰ দাস, তন্ময় জ্যোতি দাস আৰু অনুজসকলৰ পৰা জনম জোতি কাশ্যপে গীত পৰিৱেশন কৰে। ইয়াৰ পিছতেই সভাত সভাপতি স্বৰূপে আসন গ্রহণ কৰা লতিকা শইকীয়াই শলাগৰ শৰাই আগবঢ়াই আনুষ্ঠানিক সভাখন ভংগ কৰে। উল্লেখযোগ্য যে ২০১৬ চনত মুখ্য প্ৰতিষ্ঠাপক ভাৰত বনিয়াৰ একক প্রচেষ্টাত ডিব্ৰুগড় বিশ্ববিদ্যালয়ত পোন প্রথমবাৰৰ বাবে এই অনুসূচীত জাতি ছাত্র গোটতো প্ৰতিষ্ঠা হৈছিল।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।