বৰপেটাঃ ৩১ আগষ্টত প্ৰকাশিত এন আৰ চিৰ চূড়ান্ত তালিকাৰ পৰা খিলঞ্জীয়া মুছলমান বিশেষকৈ গৰিয়া মৰিয়া দেশী লোকৰ নাম বাদ পৰাক লৈ তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰিছে মৰিয়া মৰিয়া দেশী জাতীয় পৰিষদে। এন আৰ চিৰ পৰা বাদ পৰা অসমৰ অন্যতম ভূমিপুত্ৰ ভেল্লা অঞ্চলৰ গৰিয়া জনগোষ্ঠীৰ লোকক লৈ শনিবাৰে বৰপেটাৰ ভেল্লা উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰাংগনত আয়োজিত এক সজাগতা সভাত পৰিষদৰ সাধাৰণ সম্পাদক আজিজুল ৰহমানে ক্ষোভ প্ৰকাশ কৰি কয় যে এই এন আৰ চিয়ে স্বদেশীক বিদেশী আৰু বিদেশীক স্বদেশী কৰিছে। এই এন আৰ চি কোনোপধ্যেই মানি লোৱা নহ’ব।
নিজ ঘৰতে নিজৰ পৰিচয় দাঙি ধৰাৰ বাবে বিদেশী ন্যায়াধিকৰণৰ কাষ চাপিব লগাতো অতি পৰিতাপৰ কথা। কিয়নো যিখন এন আৰ চি খিলঞ্জীয়া মানুহৰ ৰক্ষাকবচ হ’ব লাগিছিল সেইখন এন আৰ চি খিলঞ্জীয়াৰ মৃত্যুদলিল হোৱাৰ দিশত আগবাঢ়িছে। কোন খিলঞ্জীয়া কোন অখিলঞ্জীয়া সেইটো চিনি নোপোৱা তথা অসমৰ জনগোষ্ঠীয় ইতিবৃত্তিৰ সম্যক জ্ঞান নথকা একাংশ বিষয়া কৰ্মচাৰীক এন আৰ চিৰ কামত নিয়োজিত কৰা বাবেই ৰাজ্যৰ হেজাৰ হেজাৰ খিলঞ্জীয়া জনগোষ্ঠীৰ গৰিয়া মৰিয়া দেশী লোকৰ নাম কৰ্তন হৈছে। যিটো অতি পৰিতাপৰ কথাই নহয় ক্ষোভৰ উৎসও।
গৰিয়া মৰিয়া দেশী লোকৰ নাম কৰ্তন কৰি এন আৰ চি কৰ্তৃপক্ষই নিজৰ বিদেশীপ্ৰীতিৰ পৰিচয় দাঙি ধৰিছে। এই ক্ষেত্ৰত চৰকাৰো সমালোচনাৰ যোগ্য। কিয়নো চৰকাৰে জানি বুজিও এন আৰ চিত নিয়োজিত কৰ্মচাৰীক হেজাৰ বছৰ ধৰি বসবাস কৰা খিলঞ্জীয়া জনগোষ্ঠীৰ লোকৰ পৰিচয় দাঙি নধৰিলে এন আৰ চি কৰ্তৃপক্ষৰ ওচৰত। এই ক্ষেত্ৰত বিহীত ব্যৱস্থা লোৱাৰ বাবে অতি শীঘ্ৰেই আদালতৰ দ্বাৰস্থ হ’ম আমি গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদে। খিলঞ্জীয়াৰ পৰিৱৰ্তে বাংলাদেশী হিন্দু আৰু মুছলমানৰ সুৰক্ষাৰ দলিল হৈছে এই এন আৰ চি।
য’ত অসমৰ বিভিন্ন খিলঞ্জীয়া জনগোষ্ঠীৰ নাম কৰ্তন কৰি বিদেশীৰ নাম অন্তৰ্ভুক্ত হৈছে। ভেল্লাৰ লগতে বিভিন্ন প্ৰান্তত একেটা পৰিয়ালৰ দুজনক স্বদেশী সজাই দুজনক বিদেশী সজোৱা এই এন আৰ চি কোনোপধ্যেই এখন সম্পূৰ্ণ শুদ্ধ এন আৰ চি হব নোৱাৰে।
সজাগতা সভাখনত পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সাংস্কৃতিক সম্পাদক আৰফান আলী চৌধুৰী, সদস্য পীৰ জাহানুৰ হক, বৰপেটা জিলা সমিতিৰ সভাপতি আতিকুল হক, সম্পাদক ছলমান হুছেইন, প্ৰচাৰ সম্পাদক মফিদুল হক, জিলাৰ প্ৰাক্তন সভাপতি মনোৱাৰ হুছেইনৰ লগতে ভেল্লা আঞ্চলিক সমিতিৰ সভাপতি চাজিদৰ ৰহমান, সাধাৰণ সম্পাদক আজিজ আহমেদ প্ৰমুখ্যে সকলো নেতা-কৰ্মী উপস্থিত থাকে। তথা এন আৰ চিৰ চূড়ান্ত তালিকাৰ পৰা বাদ পৰা ভেল্লা অঞ্চলৰ প্ৰায় ১০০ গৰাকী পুৰুষ-মহিলা সজাগতা সভাখনত উপস্থিত থাকে।