দক্ষিণ শালমাৰা-মানকাচৰ জিলাত অবৈধ কাঠফলা মিলৰ বিৰুদ্ধে বন বিভাগৰ অভিযান

 09/08/2019 - 15:04

হাটশিঙিমাৰীঃ ধনৰ বিনিময়ত একাংশ অবৈধ কাঠফলা মিল, বন বিভাগৰ সামগ্ৰীভৰ্তি গাড়ী জব্দ কৰাৰ পিছতো এৰি দিয়াৰ অভিযোগ উঠিছে। দক্ষিণ শালমাৰা-মানকাচৰ জিলাত বন বিভাগে অবৈধ কাঠফলা মিলৰ বিৰুদ্ধে অভিযান চলাই এটা কাঠফলা মিলৰ লগতে ছয়টা মিলৰ সা-সামগ্ৰী আৰু লক্ষাধিক টকাৰ কাঠ জব্দ কৰিবলৈ সক্ষম হয়। ধুবুৰী জিলাৰ বন বিভাগৰ উপ সংমণ্ডলীক বিষয়া পৱন শৰ্মাৰ নেতৃত্বত বন বিভাগৰ দল এটাই যোৱা ৪ ছেপ্টেম্বৰৰ পৰা জিলাখনৰ হাটশিঙিমাৰী, মানকাচৰ, ছমৰাশালি, শান্তিপুৰ, বাংটিমাৰী, ফুলেৰচৰ, তেলডালা, বানশ্বালী, জোৰডাঙা গাঁৱত অভিযান চলায়। বন বিভাগৰ এই অভিযানকাৰী দলটোৱে ছয়টা কাঠফলা মিলৰ লগতে মিলৰ সা-সামগ্ৰী আৰু লক্ষাধিক টকা মূল্যৰ শাল, চেগুন আৰু কঁঠাল গছৰ কুণ্ডাৰ লগতে তক্তা জব্দ কৰে।

জিলাখনৰ বন বিষয়াসকলে ধুবুৰী জিলাৰ বন বিভাগৰ উপ সংমণ্ডলীক বিষয়া পৱন শৰ্মা অহাৰ বাতৰি পাই প্ৰতিটো অবৈধ কাঠফলা মিলৰ মালিকক অৱগত কৰাত মিলৰ মালিকসকলে কাঠফলা মিলৰ মেচিন, কাঠৰ কুণ্ডা নিৰাপদ ঠাইত আঁতৰাই থয়।

ইফালে শুকুৰবাৰৰ দিনা ধুবুৰী জিলাৰ বন বিভাগৰ উপ সংমণ্ডলীক বিষয়া পৱন শৰ্মাৰ নেতৃত্বত বন বিভাগৰ দলটোৱে মানকাচৰত As17-c 1110, As17-c 1288, ML-08-D 8491 নম্বৰৰ শিল আৰু বালিভৰ্তি পিক আপ ভেন তিনিখনৰ প্ৰয়োজনীয় নথি-পত্ৰ নথকাৰ বাবে জব্দ কৰি হাটশিঙিমাৰীলৈ লৈ যায় যদিও ধনৰ বিনিময়ত জব্দ কৰা গাড়ীকেইখন এৰি দিয়াৰ অভিযোগ উঠিছে। অভিযোগ অনুসৰি জিলাখনৰ অসম-মেঘালয় সীমান্ত এলেকাত দীৰ্ঘদিনৰ পৰাই প্ৰায় শতাধিক অবৈধভাবে কাঠ ফলা মিল চলি থকা সম্পৰ্কে বন বিভাগ অৱগত যদিও মাহিলী মাননি লৈ অবৈধ কাঠ ফলা মিলসমূহ চলাবলৈ দিয়ে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।