বিৰাটক ইতিবাচক মানসিকতাৰে খেলিবলৈ আহ্বান কপিল দেৱৰ

 04/05/2019 - 17:04

ডিজিটেল ডেস্কঃ দ্বাদশ আইপিএলত এতিয়ালৈকে সবাতোকৈ হতাশজনক প্ৰৰ্দশন কৰা ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুৰ অধিনায়ক বিৰাট কোহলিক ইতিবাচক হৈ থাকিবলৈ আহ্বান জনাইছে প্ৰাক্তন তাৰকা কপিল দেৱে।

তেওঁ কয় যে বিৰাট আৰু আৰচিবি কঠিন সময়ৰ মাজেৰে আগুৱাইছে। দলটোৱে একেৰাহে গোটেই কেইখন মেচত পৰাস্ত হৈছে। বিৰাটৰ দৰে খেলুৱৈৰ বাবে এই কথা সহজে মানি লোৱাটো সহজ নহয়।

এই সময়ত মানসিকভাবে তেওঁ অশান্ত যদিও ইতিবাচক মানসিকতাৰে খেলিলে নিশ্চিত ভাৱে প্ৰত্যাৱৰ্তন কৰিবলৈ সক্ষম হ’ব বুলি কপিল দেৱে কয়।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।