পূৰ্বোত্তৰ জনজাতি শিক্ষা সমিতিৰ সাধাৰণ সভা সম্পন্ন

 09/08/2019 - 15:30

আমিনগাঁওঃ পূৰ্বোত্তৰ জনজাতি শিক্ষা সমিতিৰ সাধাৰণ সভাখন দেওবাৰে গুৱাহাটী ৰাজ্যিক চিৰিয়াখানাৰ সমীপৰ অসম প্ৰকাশন ভাৰতীৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হয়। বন্তি প্ৰজ্বলনৰে সভাৰ কাৰ্যসূচী শুভাৰম্ভ কৰে পূৰ্বোত্তৰ জনজাতি শিক্ষা সমিতিৰ সভাপতি সদা দত্তই। কাৰ্যসূচীৰ আৰম্ভণিতে শংকৰদেৱ বিদ্যা নিকেতন বিষ্ণুপথৰ আচাৰ্য আচাৰ্যা আৰু বিদ্যাৰ্থীসকলে বন্দনা পৰিবেশন কৰি আধ্যাত্মিক পৰিৱেশ সৃষ্টি কৰে।

শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত বিগত বৰ্ষত দেশ তথা সমাজৰ কল্যাণৰ হকে জীৱন উচৰ্গা কৰা ব্যক্তিসকলক স্মৰণ কৰি এক মিনিট মৌন প্ৰাৰ্থনা জনায়। বিদ্যা ভাৰতীৰ অখিল ভাৰতীয় মন্ত্ৰী ব্ৰহ্মাজী ৰাওৱে আদৰণি ভাষণ প্ৰদান কৰে। ৰাওৱে তেওঁৰ ভাষণত মানৱতাবাদী ড০ ভুপেন হাজৰিকাৰ সেৱাৰ কথা স্মৰণ কৰে।

তেওঁ অসমৰ বীৰ সন্তান লাচিত বৰফুকনৰ দেশপ্ৰেমৰ আদৰ্শ সাম্প্ৰতিক শিক্ষানীতিত প্ৰৱৰ্তনৰ জৰিয়তে দেশসেৱাৰ মনোভাৱ নৱপ্ৰজন্মৰ মাজত জগাই তুলিবলৈ আহ্বান জনায়। বিদ্যা শিক্ষা, ধন ঐশ্বৰ্যৰ লগতে সাৰ্থক জীৱন ধাৰণৰ বাবে কৃতজ্ঞতা গুণ অতি প্ৰয়োজন। শিক্ষাক দেশ সেৱা, জগত সেৱাৰ লগত জড়িত কৰিব পাৰিলে হে দেশৰ সৰ্বাংগীন উন্নয়ন সম্ভৱ। পূৰ্বোত্তৰ জনজাতি শিক্ষা সমিতিয়ে উত্তৰ পূৰ্বাঞ্চলৰ দুৰ্গম অঞ্চলবোৰত জ্ঞানৰ পোহৰ বিলাই আছে। পূৰ্বোত্তৰ জনজাতি শিক্ষা সমিতিৰ সম্পাদক চাঞ্চিৰাম পায়েঙে ২০১৮-১৯ বৰ্ষৰ বাৰ্ষিক প্ৰতিবেদন পাঠ কৰে।

পূৰ্বোত্তৰ জনজাতি শিক্ষা সমিতিৰ সভাপতি সদা দত্তই ৰাইজৰ দান বৰঙনিৰ নিৰ্মিত জনজাতি শিক্ষা সমিতিয়ে সদায় জনজাতি শিক্ষাৰ বিকাশত সংকল্পিত মনোভাৱৰে কাম কৰিব বুলি ব্যক্ত কৰে। দেওবাৰে সভাত পূৰ্বোত্তৰ ভাৰতী পূৰ্বোত্তৰক্ষেত্ৰৰ সভাপতি ড০ জয়কান্ত শৰ্মা, ড০ পবন তিৱাৰীসহ সাংগঠনিক সম্পাদক বিদ্যা ভাৰতী পূৰ্বোত্তৰ ক্ষেত্ৰ, খনছিং ৰংপি, ই এম, স্বাস্থ্য, জনস্বাস্থ্য কাৰিকৰী বিভাগ, কাৰ্বি আংলঙ স্বায়ত্ত্ব পৰিষদ, শিশু শিক্ষা সমিতি অসমৰ সম্পাদক কুলেন্দ্ৰ কুমাৰ ভাগৱতী, সাংগঠনিক সম্পাদক হেমন্ত ধিং মজুমদাৰ আদিকে ধৰি বিশিষ্ট ব্যক্তিসকলে অংশগ্ৰহণ কৰে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।