09/08/2019 - 15:45
in
জুৰীয়াঃ ৮৫ নং ৰূপহীহাট সমষ্টিবাসীৰ এতিয়া দুৰ্দশাৰ যেন অন্ত নাই। সেই সময়তেই ৰাইজৰ দুৰ্দশাৰ খবৰ ল’লে ৰূপহীহাটৰ বিশিষ্ট সমাজকৰ্মী তথা বিজেপি নেতা নাজিৰ হুছেইনে।
সমষ্টিটোৰ বিভিন্ন গাওঁ পঞ্চায়ত এলেকাৰ ৰাইজৰ লগত মত বিনিময় কৰি সমস্যাৰ বুজ লোৱাৰ লগতে চৰকাৰৰ বিভিন্ন আঁচনিৰ বিষয়ে সাধাৰণ ৰাইজক অৱগত কৰি এসময়ৰ কংগ্ৰেছ চৰকাৰক ক্ষুৰধাৰ সমালোচনা কৰে। লগতে ২০২১ চনৰ বিধান সভা নিৰ্বাচনত বিজেপি প্ৰাৰ্থীক ভোট প্ৰদান কৰিবলৈ সৰ্বসাধাৰণৰ প্ৰতি আহ্বান জনায়।